মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»বলীউড নায়িকাৰ চুটি কাপোৰে শেষ কৰিছিল খলনায়ক ৰঞ্জিতৰ কেৰিয়াৰ, ক'লে দ্য কপিল শৰ্মা শ্ব'ত

বলীউড নায়িকাৰ চুটি কাপোৰে শেষ কৰিছিল খলনায়ক ৰঞ্জিতৰ কেৰিয়াৰ, ক'লে দ্য কপিল শৰ্মা শ্ব'ত

News18 Assam | News18-Assam
Updated:September 26, 2021, 7:41 PM IST
বলীউড নায়িকাৰ চুটি কাপোৰে শেষ কৰিছিল খলনায়ক ৰঞ্জিতৰ কেৰিয়াৰ, ক'লে দ্য কপিল শৰ্মা শ্ব'ত
'শৰ্মিলি'ত ৰাখী গুলজাৰৰ সৈতে তেওঁ কৰা অভিনয়ৰ দৃশ্য দেখি ৰঞ্জিতক পিতৃ-মাতৃয়ে ঘৰৰ পৰা বাহিৰ কৰি দিছিল।

'শৰ্মিলি'ত ৰাখী গুলজাৰৰ সৈতে তেওঁ কৰা অভিনয়ৰ দৃশ্য দেখি ৰঞ্জিতক পিতৃ-মাতৃয়ে ঘৰৰ পৰা বাহিৰ কৰি দিছিল।

  • News18 Assam
  • Last Updated: September 26, 2021, 7:41 PM IST
  • Share this:

বলীউডৰ পৰ্দাত তেওঁ এগৰাকী নাৰীৰ চৰিত্ৰ হননকাৰী ৰূপে পৰিচিত। নাৰীৰ শ্লীলতা হানিৰ কোনো দৃশ্যাংশ চলচ্চিত্ৰত থাকিলে নিশ্চিত ৰূপত তেওঁক খলনায়কৰ ৰূপত ৰখা হয়েই। তেওঁ ২০০ খনতকৈও অধিক হিন্দী চলচ্চিত্ৰত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ নাম ৰঞ্জিত বেদী।


কিন্তু কেৱল 'ৰঞ্জিত' হিচাপেহে অধিক জনপ্ৰিয়। '৭০ৰ দশকৰ অভিনেতা ৰঞ্জিতে অলপতে কপিল শৰ্মা শ্ব'ত উপস্থিত হৈছিল আৰু তেওঁৰ অভিনয় কেৰিয়াৰ আৰু ১৯৭০-৮০ৰ দশকৰ চলচ্চিত্ৰ উদ্যোগৰ বিষয়ে উল্লেখ কৰিছিল।


খলনায়কৰ চৰিত্ৰত অভিনয় কৰা বাবে ৰঞ্জিতে বাস্তৱ জীৱনতো কিছু তিতা–কেঁহাৰ সন্মুখীন হ'বলগীয়া হৈছিল। 'শৰ্মিলি'ত ৰাখী গুলজাৰৰ সৈতে তেওঁ কৰা অভিনয়ৰ দৃশ্য দেখি ৰঞ্জিতক পিতৃ-মাতৃয়ে ঘৰৰ পৰা বাহিৰ কৰি দিছিল।



ৰঞ্জিতৰ ভাষাত, "মই ৰাখীৰ চুলি টানি আছোঁ, শাৰীখন টানি ছিঙি পেলাইছোঁ। এই সকলোবোৰ দেখি মা-দেউতাই ক'লে যে মই মোৰ দেউতাৰ নাম নষ্ট কৰি আছোঁ। আনকি অমৃতসৰত আমাৰ  চুবুৰীয়াসকলৰ সমালোচনা দেখি আৰম্ভণিতে তেওঁলোকে ভয় খাইছিল।''


ৰঞ্জিতে প্ৰকাশ কৰিছিল যে শিল্পীসকলে সেই সময়ত চিত্ৰনাট্যৰ বিষয়ে সিমানখিনি চিন্তিত নাছিল। আনকি নায়কসকলেও এটা শাৰীতেই কাহিনী শুনি প্ৰস্তাৱ গ্ৰহণ কৰিছিল।


ৰঞ্জিতে কয়– ''মই সদায় মোৰ সহ-অভিনেত্ৰীসকলৰ অস্বস্তি আঁতৰাবলৈ চেষ্টা কৰিছিলো। আৰু সেয়েহে মোৰ নাম ধৰ্ষণ বিশেষজ্ঞ হৈ পৰিছিল। সেই সময়ত, এনে দৃশ্য 'অশ্লীল' বুলি লেবেল দিয়া হোৱা নাছিল। নায়ক, নায়িকা, খলনায়ক, মাতৃ, পিতৃ, ভগ্নী– সকলো চৰিত্ৰৰ এটা পৰম্পৰাগত ধাৰা আছিল।''


পিছত তেওঁ সাক্ষাৎকাৰটোত কৌতুক কৰি কৈছিল– ''মই কওঁ যে যিদিনাৰ পৰা নায়িকাসকলে চৰ্টছ পিন্ধিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰা মোৰ প্ৰয়োজন নোহাৱা হৈ পৰিল। ছুটি কাপোৰ আৰু টনাৰ কোনো প্ৰয়োজন নাছিল।''

Published by: Gautam Barman
First published: September 26, 2021, 7:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি