এসময়ত নিজৰ অভিনয় যাদুৰে সকলোৰে মন মুহিবলৈ সক্ষম হোৱা বলীউডী অভিনেত্ৰী ডিম্পল কাপাদিয়াৰ আজি ওপজা দিন । ৬৪ বছৰত ভৰি দিলে একালৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে । বলীউডৰ বহু ছুপাৰহিট ছবিৰ অংশ হোৱা ডিম্পলৰ জন্ম হৈছিল ১৯৫৭ চনৰ ৮ জুনত । ডিম্পলৰ পিতৃ চুনিভাই কাপাদিয়াই সেই সময়ত ছবিজগতৰ তাৰকাসকলৰ মাজত উঠা-বহা কৰিছিল। তেওঁ প্ৰায়েই ছবি উদ্যোগৰ তাৰকাসকলক পাৰ্টী দিছিল। তেনেই এটা পাৰ্টীত ৰাজ কাপুৰে দেখিছিল ডিম্পল কাপাদিয়াক আৰু তেওঁক ছবিত কাষ্ট কৰাৰ মন স্থিৰ কৰিছিল।
ৰাজ কাপুৰে তেওঁৰ পুত্ৰ ঋষি কাপুৰৰ সৈতে ডিম্পল কাপাদিয়াক একেলগে এখন ছবিৰে ছবি জগতত খোজ পেলোৱাৰ সুবিধা কৰি দিছিল । সেই সময়ত ডিম্পলৰ বয়স আছিল মাত্ৰ ১৬ বছৰ আৰু সেইসময়তে ৰাজেশ খান্না আছিল বলীউডৰ ছুপাৰষ্টাৰ । ডিম্পলে 'ববী ' (১৯৭৩) ছবিৰ মুক্তিৰ পূৰ্বেই ৰাজেশ খান্নাক লগ পাইছিল। তেওঁলোকৰ সেই সাক্ষাৎ সোনকালেই বন্ধুত্বলৈ ৰূপান্তৰিত হৈছিল আৰু লাহে লাহে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিবলৈ আৰম্ভ কৰিছিল ।
চৌদিশে ৰাজেশ আৰু ডিম্পলৰ প্ৰেমক লৈ চৰ্চা আৰম্ভ হ'বলৈ ল'লে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাজেশ খান্নাই এবাৰ ডিম্পলক সাগৰৰ পাৰলৈ লৈ গৈছিল আৰু তাত বিবাহৰ প্ৰস্তাৱ দিছিল। ইতিমধ্যে ৰাজেশ খান্নাৰ প্ৰেমত পৰা ডিম্পলে নিজতকৈ ১৫ বছৰ ডাঙৰ অভিনেতাগৰাকীৰ সৈতে বিবাহ হ'বলৈ লগে লগেই সন্মতি জনায় ।
কিন্তু বিবাহৰ পিছত ডিম্পলে ছবিত কাম কৰাটো কেতিয়াও বিচৰা নাছিল ৰাজেশ খান্নাই, যাৰ বাবে বিয়াৰ পিছতে ডিম্পলৰ আগত এই চৰ্ত ৰাখিছিল খান্নাই । এই চৰ্তত ডিম্পল মান্তি হোৱা নাছিল, ফলত দুয়োৰে মাজত মতভেদ আৰম্ভ হৈছিল। কিন্তু নিজৰ প্ৰতিভা বিকাশৰ লগতে বলীউডত এক সুকীয়া নাম প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামত নামি পৰে ডিম্পল। তেওঁ বহুকেইখন হিট বোলছবিত অভিনয় কৰি জনপ্ৰিয় হৈ পৰে। অৱশ্যে ইয়াৰ বাবে তেওঁৰ ব্যক্তিগত সাংসাৰিক জীৱন বহুখিনি ক্ষতিগ্ৰস্ত হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|