• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Dilip Kumer: মহম্মদ ইউছুফ খান কিদৰে হৈ পৰিছিল দিলীপ কুমাৰ, তেওঁ আত্মজীৱনীত উল্লেখ কৰিছে এইদৰে

Dilip Kumer: মহম্মদ ইউছুফ খান কিদৰে হৈ পৰিছিল দিলীপ কুমাৰ, তেওঁ আত্মজীৱনীত উল্লেখ কৰিছে এইদৰে

দেৱিকা ৰাণীৰ পৰা প্ৰস্তাৱ পোৱাৰ পিছত দিলীপ কুমাৰ নতুন পৰিচয়ৰ বাবে সম্পূৰ্ণৰূপে অপ্ৰস্তুত হৈ এক মুহূৰ্তৰ বাবে নিৰ্বাক হৈ পৰিছিল।

দেৱিকা ৰাণীৰ পৰা প্ৰস্তাৱ পোৱাৰ পিছত দিলীপ কুমাৰ নতুন পৰিচয়ৰ বাবে সম্পূৰ্ণৰূপে অপ্ৰস্তুত হৈ এক মুহূৰ্তৰ বাবে নিৰ্বাক হৈ পৰিছিল।

দেৱিকা ৰাণীৰ পৰা প্ৰস্তাৱ পোৱাৰ পিছত দিলীপ কুমাৰ নতুন পৰিচয়ৰ বাবে সম্পূৰ্ণৰূপে অপ্ৰস্তুত হৈ এক মুহূৰ্তৰ বাবে নিৰ্বাক হৈ পৰিছিল।

  • Share this:

বুধবাৰে ৰাতিপুৱা মৃত্যু হোৱা বলীউডৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ জন্ম হৈছিল মহম্মদ ইউছুফ খান হিচাপে। কিন্তু তেওঁ জনপ্ৰিয় দিলীপ কুমাৰ ৰূপে। ইউছুফ খানৰ পৰা দিলীপ কুমাৰ নাম কি কাৰণত লৈছিল দিলীপ কুমাৰে। এই সম্পৰ্কে ২০১৪ চনত প্ৰকাশ পোৱা তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে দিলীপ কুমাৰে। চলচ্চিত্ৰত কাম কৰা আৰম্ভ কৰাৰ ঠিক আগেয়ে তেওঁৰ নাম পৰিৱৰ্তন কৰিছিল।


প্ৰবীণ অভিনেতাজনে প্ৰকাশ কৰিছিল যে অভিনেত্ৰী দেৱিকা ৰাণীয়ে তেওঁৰ নাম সলনি কৰাৰ পৰামৰ্শ দিছিল। দিলীপ কুমাৰে লগতে প্ৰকাশ কৰিছিল যে অশোক কুমাৰ নামটোও পৰ্দাৰ নাম আছিল, অভিনেতাজনৰ প্ৰকৃত নাম নহয়।


'দিলীপ কুমাৰ: দ্য ছাবষ্টেন্স এণ্ড দ্য শ্বেডো' নামৰ আত্মজীবনীখনত অভিনেতাজনে লিখিছে যে যেতিয়া দেৱিকা ৰাণীক তেওঁৰ কাৰ্যালয়ত লগ কৰিবলৈ গৈছিল তেতিয়া দেৱিকাই কৈছিল– 'ইউচুফ, মই এজন অভিনেতা হিচাপে সোনকালেই আপোনাৰ যাত্ৰাৰম্ভৰ কথা ভাবি আছিলো আৰু মই অনুভৱ কৰোঁ যে যদি আপুনি পৰ্দাৰ নাম এটা গ্ৰহণ কৰে, তেন্তে এইটো বেয়া কথা নহ'ব। আপুনি জানে, এনে এটা নাম যিটোৱে আপোনাক দৰ্শকৰ বাবে সম্পৰ্কিত হোৱাত সহজ কৰিব আৰু যাৰ জৰিয়তে পৰ্দাত এক ৰোমাণ্টিক ভাবমূৰ্তি তৈয়াৰ হ'ব আপোনাৰ। মই ভাবো এইক্ষেত্ৰত দিলীপ কুমাৰ এটা সুন্দৰ নাম।'


দেৱিকা ৰাণীৰ পৰা প্ৰস্তাৱ পোৱাৰ পিছত দিলীপ কুমাৰ নতুন পৰিচয়ৰ বাবে সম্পূৰ্ণৰূপে অপ্ৰস্তুত হৈ এক মুহূৰ্তৰ বাবে নিৰ্বাক হৈ পৰিছিল। দিলীপ কুমাৰে কৈছিল যে তেওঁ নাম সলনি কৰাৰ বিষয়ে নিশ্চিত নহয়। তেওঁ কিতাপখনত লিখিছিল, ''মই কৈছিলো যে এইটো এটা সুন্দৰ কথা, কিন্তু মই তেওঁক সুধিছিলো যে নাম সলনি কৰাটো সঁচাকৈয়ে প্ৰয়োজনীয় নেকি? তেওঁ এটা মিঠা হাঁহি মাৰিছিল। মই অলপ সময়ৰ অৱকাশ বিচাৰিছিলো, আৰু তেওঁ মোক কৈছিল- 'ঠিক আছে তুমি চিন্তা কৰি চাই মোৰ ওচৰলৈ আহিবা।' মই চকীৰ পৰা উঠাৰ সময়ত তেওঁ সৰুকৈ কৈছিল- 'তোমাৰ কামৰ আৰম্ভণিৰ বাবে আমি সাজু হৈছো, গতিকে আমি অলপ সোনকাল কৰিবা।'


মই ৰুটিন অনুযায়ী দিনটো জিৰণি লৈছিলো, কিন্তু দিলীপ কুমাৰ নামটো মোৰ মনৰ অন্তৰ্ভাগত বাৰে বাৰে  বাজি আছিল।"


ইয়াৰ পিছত দিলীপ কুমাৰে প্ৰযোজক এছ মুখাৰ্জীক কথাটো কয় আৰু মুখাৰ্জীয়ে দেৱিকা ৰাণীয়ে দিয়া নামটো পৰ্দাৰ বাবে সুন্দৰ বুলি কয়। মুখাৰ্জীৰ লগত আলোচনা কৰাৰ পিছতে দিলীপ কুমাৰ নামটো ল'বলৈ সিদ্ধান্ত লয়।  এনেদৰেই মহম্মদ ইউছুফ খান হৈ পৰে দিলীপ কুমাৰ।

Published by:Gautam Barman
First published: