সম লিংগ বিবাহক সমৰ্থন কৰি বিপাঙত পৰিল অভিনেতা আয়ুষ্মান খুৰানা

News18 Assam | News18-Assam
Updated:January 29, 2020, 4:36 PM IST
সম লিংগ বিবাহক সমৰ্থন কৰি বিপাঙত পৰিল অভিনেতা আয়ুষ্মান খুৰানা
Source-Google

আহিবলগীয়া ছবি ‘শুভ মংগল জ্যাদা সাৱধান’ত সমকামীৰ চৰিত্ৰত অভিনয় কৰিছে আয়ুষ্মান খুৰানাই

  • Share this:
বলীউদত বহুকেইখন ব্যতিক্ৰমী ছবিত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা অভিনেতা আয়ুষ্মান খুৰানা এইবাৰ সাঙোৰ খাইছে এক বিতৰ্কত। অভিনেতাগৰকীয়ে তেওঁৰ নতুন ছবিত এইবাৰ অভিনয় কৰিছে সমকামীৰ চৰিত্ৰত। বৰ্তমান ছবিখনৰ প্ৰচাৰত ব্যস্ত আয়ুষ্মান খুৰানা।

ছবিখনৰ প্ৰচাৰৰ সময়তে আয়ুষ্মান খুৰানাৰ এটা বিশেষ মন্তব্যই এতিয়া সৃষ্টি কৰিছে বিতৰ্কৰ। আয়ুষ্মান খুৰানাই মন্তব্য কৰে যে, ভাৰতবৰ্ষত সমলিংগৰ বিবাহ বৈধ। কিন্তু এই মন্তব্য কৰি এতিয়া সমালোচনাৰ সন্মুখীন হৈছে আয়ুষ্মান।

দৰাচলতে, ২০১৮ চনত উচ্চতম ন্যায়ালয়ে সমকামিতাক অপৰাধ হিচাপে গণ্য নকৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু সেইবুলিয়েই ভাৰতত সমলংগৰ বিবাহ এতিয়াও এক অন্যতম বিতৰ্কিত বিষয়। এনে এটা বিষয়ত মন্তব্য কৰি এতিয়া ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈছে অভিনেতা আয়ুষ্মান খুৰানা।
আৰু চাওক
পৰৱৰ্তী বাতৰি