• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Arjun-Boney Relationship: জাহ্নৱী–খুশী নাথাকিলে দেউতাকৰ সৈতে সম্পর্ক ঠিক নহ'লে হয় অর্জুন কাপুৰৰ! অভিনেতাৰ স্বীকাৰোক্তি

Arjun-Boney Relationship: জাহ্নৱী–খুশী নাথাকিলে দেউতাকৰ সৈতে সম্পর্ক ঠিক নহ'লে হয় অর্জুন কাপুৰৰ! অভিনেতাৰ স্বীকাৰোক্তি

এখন ফেশ্বন মেগাজিনৰ শেহতীয়া এটা সাক্ষাৎকাৰত প্ৰকাশ কৰে এই কথা।

এখন ফেশ্বন মেগাজিনৰ শেহতীয়া এটা সাক্ষাৎকাৰত প্ৰকাশ কৰে এই কথা।

এখন ফেশ্বন মেগাজিনৰ শেহতীয়া এটা সাক্ষাৎকাৰত প্ৰকাশ কৰে এই কথা।

  • Share this:

অভিনেতা অৰ্জুন কাপুৰ আৰু তেওঁৰ ভগ্নী জাহ্নৱী কাপুৰে এখন ফেশ্বন মেগাজিনৰ শেহতীয়া এটা সাক্ষাৎকাৰত তেওঁলোকৰ পৰিয়ালৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে। দুয়ো ভাই-ভনীৰ সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰি অভিনেতাজনে তেওঁৰ দেউতাকৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়েও মুকলিকৈ কয়।


তেওঁ কয় যে জাহ্নৱী আৰু খুশীৰ সৈতে তেওঁৰ সম্পৰ্ক ঠিক হোৱাৰ পিছতে পিতা–পুত্ৰৰ সম্পৰ্কৰ ছন্দও ঘূৰি আহিছিল। তেওঁ জাহ্নৱী আৰু খুশীৰ বাবে দেউতাকক নতুনকৈ চিনাক্ত কৰিবলৈ আৰম্ভ কৰিলে।


অৰ্জুনৰ ভাষাত, "সকলোৱে কৈছিল যে দেউতাৰ মোৰ সৈতে যথেষ্ট মিল আছে। কিন্তু মই সেইটো কেতিয়াও বুজি পোৱা নাছিলো। কাৰণ মই কেতিয়াও মোৰ দেউতাৰ সৈতে তেনেদৰে সময় কটোৱা নাছিলো।''


প্ৰযোজক বনি কাপুৰ আৰু তেওঁৰ প্ৰথমা পত্নী মনা কাপুৰৰ দুটা সন্তান অৰ্জুন আৰু অংশুলা আছে। কিন্তু বনি-মনা পৃথক হৈ গ'ল। বনি কাপুৰে ১৯৯৬ চনত শ্ৰীদেৱীক বিয়া কৰাইছিল। তেওঁলোকৰ সন্তান জাহ্নৱী আৰু খুশী। অৰ্জুনে কয় যে তেওঁ সৰুৰে পৰা ঘটনাটো মানি ল'ব পৰা নাছিল যে তেওঁৰ দেউতাকে তেওঁৰ মাকৰ বাহিৰে আন কাৰোবাক বিয়া কৰাইছিল। সেই সময়ত তেওঁ আৱেগিকভাৱে বিধ্বস্ত হৈছিল।


বিদ্যালয়ৰ বন্ধুসকলে তেওঁক তেওঁৰ 'নতুন মাতৃ' সম্পৰ্কে প্ৰশ্ন কৰিছিল। সৰু অৰ্জুনে উত্তৰ দিব পৰা নাছিল। অভিনেতাজনে কয় যে তেওঁৰ দেউতাক এজন বিখ্যাত ব্যক্তি, যেতিয়া তেওঁ তেওঁৰ দেউতাকৰ দ্বিতীয় বিবাহ চাব লগা হৈছিল। সমাজত তেওঁৰ এটা নাম আছে। আৰু শ্ৰীদেৱী তেতিয়া এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী আছিল। গতিকে তেওঁলোকে চাৰিওফালে বিবাহৰ বিষয়ে কথা পাতিছিল। ফলস্বৰূপে, অৰ্জুনৰ শৈশৱ কালৰ মনত এই ঘটনাই গভীৰ প্ৰভাৱ পেলাইছিল।

Published by:Gautam Barman
First published: