• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Abhishek Bachchan Sold Apartment : অভিষেক বচ্চনে বিক্ৰী কৰিলে মুম্বাইত থকা বিলাসী ঘৰ, ৪৫ কোটি ৭৫ লাখ টকাত বিক্ৰী কৰিলে ৩৭ মহলাত থকা ঘৰ

Abhishek Bachchan Sold Apartment : অভিষেক বচ্চনে বিক্ৰী কৰিলে মুম্বাইত থকা বিলাসী ঘৰ, ৪৫ কোটি ৭৫ লাখ টকাত বিক্ৰী কৰিলে ৩৭ মহলাত থকা ঘৰ

যোৱা মে' মাহত অভিষেক বচ্চন (Abhishek Bachchan )ৰ পিতৃ অমিতাভ বচ্চনে (Amitabh Bachchan) মুম্বাই (Mumbai)ত ৩১ কোটি টকাৰে আটলাণ্টিছ (Atlantis) নামৰ অট্টালিকা এটাত ৫১৮৪ বৰ্গফুট (5,184 sq ft)ৰ এটা ঘৰ কিনিছিল।

যোৱা মে' মাহত অভিষেক বচ্চন (Abhishek Bachchan )ৰ পিতৃ অমিতাভ বচ্চনে (Amitabh Bachchan) মুম্বাই (Mumbai)ত ৩১ কোটি টকাৰে আটলাণ্টিছ (Atlantis) নামৰ অট্টালিকা এটাত ৫১৮৪ বৰ্গফুট (5,184 sq ft)ৰ এটা ঘৰ কিনিছিল।

যোৱা মে' মাহত অভিষেক বচ্চন (Abhishek Bachchan )ৰ পিতৃ অমিতাভ বচ্চনে (Amitabh Bachchan) মুম্বাই (Mumbai)ত ৩১ কোটি টকাৰে আটলাণ্টিছ (Atlantis) নামৰ অট্টালিকা এটাত ৫১৮৪ বৰ্গফুট (5,184 sq ft)ৰ এটা ঘৰ কিনিছিল।

  • Share this:
মুম্বাইত ঘৰ বিক্ৰী কৰিলে বিগ বি অমিতাভ বচ্চনৰ পুত্ৰ তথা অভিনেত্ৰী ঐশ্বৰ্য ৰায় (Aisharya Rai Bachchan)ৰ স্বামী অভিনেতা অভিষেক বচ্চন (Abhishek Bachchan )এ। মুম্বাইৰ ৱৰ্লি (Worli)ৰ গগণচুম্বী অট্টালিকা অবেৰয় ৩৬০ ৱেষ্ট (Oberoi 360 West)ৰ ৩৭ নম্বৰ মহলা (37th floor)ত থকা ঘৰটো বিক্ৰী কৰিলে অভিষেক বচ্চনে। ১০ আগষ্টত ঘৰটোৰ বিক্ৰীৰ আইনী কামসম্পন্ন কৰা হয়।

চালে চকু ৰোৱা অবেৰয় ৩৬০ৰ ৭,৫২৭ বৰ্গফুট (7,527 sq ft)ৰ জাকজমকীয়া ঘৰটো ৪৫ কোটি ৭৫ লাখ (Rs 45.75 crore) টকাত বিক্ৰী কৰিলে অভিষেকে। চাৰিটা কাৰ পাৰ্কিঙৰ সৈতে সুন্দৰ ঘৰটো কিনে অনুৰাগ গোয়েল নামৰ এজন লোকে। উল্লেখ্য যে ঘৰটো কিনিবলৈ অনুৰাগ গোয়েলে দিয়া ষ্টাম্প ডিউটীৰ পৰিমাণ হৈছে ২ কোটি ২৮ লাখ টকা।

অভিষেকে এই ঘৰটো ২০১৪ চনত ক্ৰয় কৰিছিল ৪১ কোটি ১৪ লাখ টকা (Rs 41.14 crore)ত। ঘৰ বিক্ৰীৰ এই বাতৰি প্ৰকাশ পাইছে Zapkey.comত। অৱশ্যে অভিষেকৰ তৰফৰ পৰা এই বিষয়ে কোনো মন্তব্য কৰা নাই।

অবেৰয় ৩৬০ ৱেষ্ট হৈছে নিৰ্মীয়মাণ এটা হাউছিং প্ৰকল্প য'ত বিলাসী 4BHK আৰু 5BHK ঘৰ আছে। ই এটা দুটা টাৱাৰযুক্ত বিলাসী অট্টালিকা যাৰ এটা ইউনিটত ৰিটঝ কাৰ্লটন হোটেল (The Ritz-Carlton Hotel) হ'ব আৰু আনটো টাৱাৰত আছে আবাসিক এপাৰ্টমেণ্টসমূহ। এই অট্টালিকাটোৰ বিশেষত্ব এইয়াই য়ে ইয়াৰ প্ৰতিটো এপাৰ্টমেণ্ট পশ্চিম দিশলৈ সাগৰৰ পিনে মুখ কৰি আছে। সিনীল সাগৰৰ সুন্দৰ দৃশ্য সকলো সময়তে উপভোগ কৰি থাকিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই অট্টালিকাটো।

উল্লেখ্য যে অবেৰয় ৩৬০ ৱেষ্টত যোৱা বছৰ ডিচেম্বৰত হৰপ্ৰীট সিং মিনহাছ নামৰ এজন লোকে এটা ঘৰ ৮৩ কোটি ১৬ লাখ টকাত কিনিছিল। আন এটা ঘৰ অভয় প্ৰাইভেট লিমিটেডে ৫২ কোটি ৫০ লাখ টকাত কিনিছিল। আন এটা বিলাসী ঘৰ যোৱা ডিচেম্বৰতে বিক্ৰী হৈছিল ৬২ কোটি ৭৫ লাখ টকাত। আনহাতে ৪১ মহলাত থকা আন এটা ঘৰ ৩৫ কোটিত কিনিছিল শৈলেশ কুমাৰ পোপটলাল নামৰ এজন লোকে।

উল্লেখ্য যে যোৱা মে' মাহত অভিষেকৰ পিতৃ অমিতাভ বচ্চনে (Amitabh Bachchan) মুম্বাই (Mumbai)ত ৩১ কোটি টকাৰে আটলাণ্টিছ (Atlantis) নামৰ অট্টালিকা এটাত ৫১৮৪ বৰ্গফুট (5,184 sq ft)ৰ এটা ঘৰ কিনিছিল।
Published by:Manjumoni Borah
First published: