এটা বিজ্ঞাপনৰ নামত ১১ কোটি মাননী লয় আমিৰ খানে, কিমান লয় অমিতাভ বচ্চন–ছলমান খানে?

বলীউদৰ তাৰকাসকলে বিজ্ঞাপনৰ নামত কোম্পানীসমূহৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা।

News18-Assam
Updated:September 22, 2019, 3:07 PM IST
এটা বিজ্ঞাপনৰ নামত ১১ কোটি মাননী লয় আমিৰ খানে, কিমান লয় অমিতাভ বচ্চন–ছলমান খানে?
বলীউদৰ তাৰকাসকলে বিজ্ঞাপনৰ নামত কোম্পানীসমূহৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা।
News18-Assam
Updated: September 22, 2019, 3:07 PM IST
আপুনি বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপনত বিভিন্ন বলীউদৰ তাৰকাক দেখা পায়। কোনো সামগ্ৰীৰ বিজ্ঞাপনত যদি জনপ্ৰিয় অভিনেতা, ক’ৰবাত আকৌ আপোনাৰ প্ৰিয় অভিনেত্ৰী। কিন্তু আপুনি জানেনে এই বিজ্ঞাপনৰ পৰা বলীউদৰ তাৰকাসকলে কিমান উপাৰ্জন কৰে? ব্ৰেণ্ড হিচাপত উপাৰ্জনৰ শীৰ্ষত আছে আমিৰ খান।

মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খানে এটা সামগ্ৰীৰ বিজ্ঞাপনৰ বাবদ লয় ১১ কোটি টকা। আনহাতে, শ্বাহৰুখ খানে এটা ব্ৰেণ্ডৰ বাবে ৯ কোটি টকা মাননী লয়। অমিতাভ বচ্চন আছে তৃতীয় স্থানত। বিগ বিয়ে এটা বিজ্ঞাপনৰ বিনিময়ত লয় ৮ কোটি টকা।

ভাস্কৰৰ খবৰ অনুসৰি, অক্ষয় কুমাৰে ৭ কোটি, ছলমান খানে ৭ কোটি, বিকী কৌশলে ৩ কোটি, টাইগাৰ শ্ৰফে ২.৫ কোটি, আয়ুষ্মান খুৰানাই ২.২৫ কোটি, ৰাজকুমাৰ ৰাৱে ১.৫ কোটি টকা মাননী লয় এটা বিজ্ঞাপনৰ বিনিময়ত। এইদৰেই বলীউদৰ তাৰকাসকলে বিজ্ঞাপনৰ নামত কোম্পানীসমূহৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি