ৰণবীৰ সিঙৰ ৰূপ দেখি ভয়তে দেউতাকৰ কোলাত কান্দি উঠিল শিশু, চাওক VIRAL VIDEO

বৰ্তমান ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত ৰণবীৰ সিঙক দেখি এটি শিশুৱে ইমানেই ভয় খালে যে পিতৃৰ কোলাতে কান্দি উঠিল শিশুটি।

News18-Assam
Updated:October 4, 2019, 3:30 PM IST
ৰণবীৰ সিঙৰ ৰূপ দেখি ভয়তে দেউতাকৰ কোলাত কান্দি উঠিল শিশু, চাওক VIRAL VIDEO
বৰ্তমান ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত ৰণবীৰ সিঙক দেখি এটি শিশুৱে ইমানেই ভয় খালে যে পিতৃৰ কোলাতে কান্দি উঠিল শিশুটি।
News18-Assam
Updated: October 4, 2019, 3:30 PM IST
ৰণবীৰ সিং আৰু তেওঁৰ অদ্ভুট পোছাকৰ কথা সকলোৱে জানে। সেয়া লাগিলে ফেশ্বন শ্ব’ই হওক, ৰেড কাৰ্পেটেই হওক বা ক’ৰবাত শ্বুটিঙত যোৱাৰ সময়তে হওক, ৰণবীৰক প্ৰায়ে অদ্ভুত ধৰণৰ পোছাকত দেখা যায়। ৰণবীৰৰ এই আচৰতি ধৰণৰ ফেশ্বনক লৈ প্ৰায়ে চৰ্চাও হয়। বৰ্তমান ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত ৰণবীৰ সিঙক দেখি এটি শিশুৱে ইমানেই ভয় খালে যে পিতৃৰ কোলাতে কান্দি উঠিল শিশুটি।

শেহতীয়াকৈ ৰণবীৰ সিঙক এক ৰেকৰ্ডিং ষ্টুডিঅ’ৰ বাহিৰত দেখা গ’ল। ৰণবীৰে নিজৰ আহিবলগীয়া ছবি ‘83’ৰ ৰেকৰ্ডিঙৰ বাবে গৈছিল। ষ্টুডিঅ’ৰ বাহিৰলৈ ওলোৱাৰ পিছতে অনুৰাগীসকলে আগুৰি ধৰে অভিনেতাজনক। ৰণবীৰৰ সৈতে ছেলফি উঠিবলৈ হেতা–ওপৰা লগালে বহু অনুৰাগীয়ে।

ভিৰৰ মাজতে এজন লোকে নিজৰ কণমানি সন্তানক লৈ থিয় হৈ আছিল। লোকজন ৰণবীৰৰ গাড়ীৰ কাষতে থিয় হৈ আছিল আৰু তেওঁৰ সৈতে ছেলফি লোৱাৰ চেষ্টা কৰিছিল। ৰণবীৰ সিঙে তেওঁৰ কাষলৈ আহিছিল আৰু শিশুটিৰ কান্ধত মৰমেৰে হাত বুলাই গাড়ীত বহাৰ চেষ্টা কৰিছিল। কিন্তু ৰণবীৰৰ সিঙৰ ৰূপ দেখি শিশুটিয়ে বেয়াকৈ ভয় খালে আৰু কান্দিবলৈ ধৰিলে। এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।

চাওক ভিডিঅ’টো :



 





View this post on Instagram




 

Lil kiddo got scared of i Baba 🙄🤔


A post shared by Viral Bhayani (@viralbhayani) on






NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি