ষষ্ঠ দিনাও ৰাজ্যৰ ছবিগৃহসমূহত কাঞ্চনজংঘা চাবলৈ দৰ্শকৰ অভাৱনীয় ভিৰ
ষষ্ঠ দিনাও ৰাজ্যৰ ছবিগৃহসমূহত কাঞ্চনজংঘা চাবলৈ দৰ্শকৰ অভাৱনীয় ভিৰ
নীলোৎপল বৰা: জুবিন গাৰ্গৰ সদ্যমুক্তিপ্ৰাপ্ত জনপ্ৰিয় ছবি কাঞ্চনজংঘা চাবলৈ নগাঁৱৰ অদিতি চিনেমা হললৈ বাটকুৰি বাই আহিল এগৰাকী ৮০বছৰীয়া বৃদ্ধা। নগাঁৱৰ কাকমাৰী চমুৱাগাঁৱৰ ডিফুলী ৰাজকুমাৰী নামৰ বৃদ্ধাগৰাকীয়ে ছবিগৃহত কাঞ্চনজংঘা চাবলৈ অহা দৃশ্যই ছবিগৃহৰ দৰ্শক সকলক আকৰ্ষিত কৰে।
উল্লেখযোগ্য যে, ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে এতিয়া দৰ্শকে আদৰি লৈছে জুবিন গাৰ্গৰ কাঞ্চনজংঘা ছবিখন।ষষ্ঠ দিনাও ৰাজ্যৰ ছবিগৃহসমূহত দৰ্শকৰ বিপুল সমাগম পৰিলক্ষিত হয়।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|