ৰীল লাইফত কপিল দেৱৰ ৰূপত দেখা যাব ৰণবীৰ সিঙক! পষ্টাৰ মুকলিৰ লগে লগেই এতিয়া চৰ্চাত

News18-Assam
Updated:July 6, 2019, 11:10 AM IST
ৰীল লাইফত কপিল দেৱৰ ৰূপত দেখা যাব ৰণবীৰ সিঙক! পষ্টাৰ মুকলিৰ লগে লগেই এতিয়া চৰ্চাত
নিজৰ জন্মদিনৰ দিনা টুইটাৰত আপলোড কৰিলে বলীউডৰ বহু চৰ্চিত ছবি 83 ৰ First look

নিজৰ জন্মদিনৰ দিনা টুইটাৰত আপলোড কৰিলে বলীউডৰ বহু চৰ্চিত ছবি 83 ৰ First look

  • Share this:
আজি বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ জন্মদিন। জন্মদিনৰ দিনাই ৰণবীৰ সিঙে টুইটাৰত আপলোড কৰিলে অভিনেতাগৰকীৰ  বহুচৰ্চিত ‘83’ নামৰ ছবিখনৰ First Look।বৰ্তমান নিৰ্মীয়মান অৱস্থাত থকা ‘83’ ছবিখন ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী, ৮৩ ৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত। ৰণবীৰে ছবিখনৰ First look আপলোড কৰাৰ লগে লগে এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ছবিখনত কপিল দেৱৰ দৰে প্ৰায় একেই দেখাইছে ৰণবীৰ সিঙক। ছবিখনত ৰণবীৰৰ বিপৰীতে অভিনয় কৰিছে তেঁওৰ পত্নী তথা বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণে।

কবীৰ খানে পৰিচালনা কৰা ছবিখন প্ৰযোজনা কৰিছে কবীৰ খান, ছাজিদ নাডিয়াডৱালা আৰু মধু মণ্টেনা বৰ্মাই। সকলো ঠিকে থাকিলে ২০২০ চনৰ ১০ এপ্ৰিলত মুক্তি লাভ কৰিব ছবিখনে।
First published: July 6, 2019, 11:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি