অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ আছে ৩২ বছৰীয়া পুত্ৰ, ১৫ বছৰ বয়সতে হৈছিল মাতৃ! কাহিনী কি?

News18 Assam | News18-Assam
Updated:January 13, 2020, 11:11 AM IST
অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ আছে ৩২ বছৰীয়া পুত্ৰ, ১৫ বছৰ বয়সতে হৈছিল মাতৃ! কাহিনী কি?
Photo : mynation.com

স্পটবয়ত প্ৰকাশিত খবৰ অনুসৰি, এই যুৱকজনৰ নাম সংগীত কুমাৰ। এক সাক্ষাৎকাৰত যুৱকজনে দাবী কৰে যে ঐশ্বৰ্য ৰায় তেওঁৰ মাতৃ আৰু IVF (In Vitro Fertilisation)ৰ জৰিয়তে লণ্ডনত জন্ম হৈছিল।

  • Share this:
শেহতীয়াকৈ এগৰাকী মহিলাই গায়িকা অনুৰাধা পড়োৱালৰ কন্যা বুলি দাবী কৰিছিল। এতিয়া এজন ৩২ বছৰীয়া যুৱকে দাবী কৰিছে যে বলীউদৰ মোহময়ী ঐশ্বৰ্য ৰায় তেওঁৰ মাতৃ। যুৱকজনৰ মতে, তেওঁৰ জন্ম ১৯৯৮ চনত হৈছিল। সেই সময়ত ঐশ্বৰ্য ৰায় ১৫ বছৰীয়া আছিল।

স্পটবয়ত প্ৰকাশিত খবৰ অনুসৰি, এই যুৱকজনৰ নাম সংগীত কুমাৰ। এক সাক্ষাৎকাৰত যুৱকজনে দাবী কৰে যে ঐশ্বৰ্য ৰায় তেওঁৰ মাতৃ আৰু IVF (In Vitro Fertilisation)ৰ জৰিয়তে লণ্ডনত জন্ম হৈছিল।




 





View this post on Instagram




 

✨❤️✨😍🌟


A post shared by AishwaryaRaiBachchan (@aishwaryaraibachchan_arb) on





সংগীত কুমাৰে আৰু দাবী কৰে যে ঐশ্বৰ্য ৰায়ৰ অভিভাৱকে তেওঁক ২ বছৰ বয়সলৈ লালন–পালনো কৰিছিল। ইয়াৰ পিছত তেওঁৰ পিতৃ বেদীভেলু ৰেড্ডীয়ে তেওঁ বিশাখাপট্টনমলৈ লৈ আহিছিল।

ঐশ্বৰ্য ৰায়ক মাতৃ বুলি দাবী কৰা সংগীত কুমাৰ


সংগীত কুমাৰে কয় যে তেওঁৰ আত্মীয়ই তেওঁৰ জন্ম সম্বন্ধীয় সকলো নথি–পত্ৰ নষ্ট কৰি পেলাইছিল। যদি সেই নথি–পত্ৰ থাকিলহেঁতেন তেন্তে তেওঁ সজোৰে দাবী কৰিব পাৰিলেহেঁতেন। ঐশ্বৰ্য ৰায়ৰ পুত্ৰ বুলি দাবী কৰা সংগীত কুমাৰে কয় যে তেওঁ শীঘ্ৰে মুম্বাইত নিজৰ মাতৃ ঐশ্বৰ্য ৰায়ৰ সৈতে থাকিব বিচাৰে।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি