চীনত ৫৬ হাজাৰ স্ক্ৰীণত অক্ষয় কুমাৰ–ৰজনীকান্তৰ 2.0

বিগত বৰ্ষৰ ২৯ নৱেম্বৰত ভাৰতত মুক্তি পাইছিল 2.0 ছবিখন।

news18assam
Updated:June 7, 2019, 12:17 PM IST
চীনত ৫৬ হাজাৰ স্ক্ৰীণত অক্ষয় কুমাৰ–ৰজনীকান্তৰ 2.0
বিগত বৰ্ষৰ ২৯ নৱেম্বৰত ভাৰতত মুক্তি পাইছিল 2.0 ছবিখন।
news18assam
Updated: June 7, 2019, 12:17 PM IST
১২ জুলাইত চীনত মুক্তি পাব অক্ষয় কুমাৰ আৰু ৰজনীকান্ত অভিনীত ছবি 2.0। ইয়াৰ পূৰ্বে ২৮ জুনত দেশখনত হ’ব ছবিখনৰ গ্ৰেণ্ড প্ৰিমিয়াৰ। এ আৰ ৰহমানে টুইটাৰত প্ৰকাশ কৰিছে যে ১২ জুলাইত ছবিখন প্ৰায় ৫৬ হাজাৰ ছবিগৃহত মুক্তি পাব।

বিগত বৰ্ষৰ ২৯ নৱেম্বৰত ভাৰতত মুক্তি পাইছিল 2.0 ছবিখন। এতিয়া চীনত মুক্তিৰ বাবে এইচ ৱাই মিডিয়াৰ সৈতে মিলি পৰিচালকে ৫৬ হাজাৰ স্ক্ৰীণত মুক্তি দিবলৈ সাজু হৈছে। ইয়াৰ ভিৰতৰ আছে ৪৭ হাজাৰ 3D স্ক্ৰীণ।

 


এই ছবিখনৰ সংগীত আছিল এ আৰ ৰহমানৰ। ৰহমানেই চীনত ছবিখন মুক্তিৰ তাৰিখ উল্লেখ কৰিছে। ৫৪৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছিল 2.0 ছবিখন।
আৰু চাওক পৰৱৰ্তী বাতৰি