তৃতীয় দিনা ৫৫ লাখ টকা উপাৰ্জনেৰে প্ৰথম উইকেণ্ডত ‘ৰত্নাকৰ’ৰ বক্স অফিচ কালেকচন ১ কোটি ৪৫ লাখ টকা
News18-Assam Updated:October 14, 2019, 3:06 PM IST

Source-Google
সোমবাৰেও ৰাজ্যৰ ছবিগৃহত প্ৰায় শেষ যতীন বৰাৰ ৰত্নাকৰৰ টিকট
- News18 Assam
- Last Updated: October 14, 2019, 3:06 PM IST

প্ৰথম আৰু দ্বিতীয় দিনা ছবিখনে কাঞ্চনজংঘাৰ অভিলেখ ভংগ কৰিছিল যদিও তৃতীয় দিনা কাঞ্জনজংঘাৰ কালেকচনতকৈ কিছু পিছ পৰি ৰয় ৰত্নাকৰ। কিন্তু প্ৰথম উইকেণ্ডত ১ কোটি ৪৫ টকা উপাৰ্জন কৰি ৰত্নাকৰে অসমীয়া ছবিৰ ইতিহাসত অন্য এক অভিলেখ গঢ়ে। উল্লেখযোগ্য যে, প্ৰথম উইকেণ্ডত কাঞ্চনজংঘাৰ সৰ্বমুঠ উপাৰ্জন আছিল ১ কোটি ৩৭ লাখ টকা।

ৰত্নাকৰৰ এই উপাৰ্জন কেৱল অসমৰহে। যতীন বৰাৰ ছবিখনে বহিঃৰাজ্যতো চমকপ্ৰদ কালেকচন কৰিবলৈ সক্ষম হৈছে। এই খিনি উপাৰ্জনৰ তথ্য লাভ কৰাৰ পিছত ছবিখনৰ প্ৰথম উইকেণ্ড কালেকচনত প্ৰায় ১০,১৫ লাখ টকা যোগ যোৱাৰ সম্ভাৱনা আছে। অহা সপ্তাহত ৰত্নাকৰ, কলিকতা আৰু চেন্নাইত মুক্তি লাভ কৰিব।