অভাৰটাইম ডিউটী কৰাবলৈ কৰ্মচাৰীৰ পৰা ল’ব লাগিব অনুমতি!

সময়তকৈ অধিক কাম কৰিবলৈ বাধ্য হোৱা কৰ্মচাৰীসকলক কিছু সকাহ দিবৰ বাবেই এক নতুন প্ৰস্তাৱ গ্ৰহণ কৰিছে মোদী চৰকাৰে। আৰু এই প্ৰস্তাৱ অনুসৰি কোনো কোম্পানীৰ কৰ্মচাৰীৰ লিখিত মঞ্জুৰি নাথাকিলে কৰ্মচাৰীক অভাৰটাইম ডিউটী কৰাব নোৱাৰিব কোম্পানীয়ে।

News18-Assam
Updated:July 30, 2019, 4:36 PM IST
অভাৰটাইম ডিউটী কৰাবলৈ কৰ্মচাৰীৰ পৰা ল’ব লাগিব অনুমতি!
সময়তকৈ অধিক কাম কৰিবলৈ বাধ্য হোৱা কৰ্মচাৰীসকলক কিছু সকাহ দিবৰ বাবেই এক নতুন প্ৰস্তাৱ গ্ৰহণ কৰিছে মোদী চৰকাৰে। আৰু এই প্ৰস্তাৱ অনুসৰি কোনো কোম্পানীৰ কৰ্মচাৰীৰ লিখিত মঞ্জুৰি নাথাকিলে কৰ্মচাৰীক অভাৰটাইম ডিউটী কৰাব নোৱাৰিব কোম্পানীয়ে।
News18-Assam
Updated: July 30, 2019, 4:36 PM IST
ভাৰতৰ কোম্পানীসমূহত এতিয়াৰে পৰা কৰ্মচাৰীক অভাৰটাইম ডিউটী কৰাবলৈ হ’লে কৰ্মচাৰীৰ লিখিত সহমত থাকিলেহে কামত অধিক সময় খটুৱাব পাৰিব কৰ্তৃপক্ষই। সময়তকৈ অধিক কাম কৰিবলৈ বাধ্য হোৱা কৰ্মচাৰীসকলক কিছু সকাহ দিবৰ বাবেই এক নতুন প্ৰস্তাৱ গ্ৰহণ কৰিছে মোদী চৰকাৰে। আৰু এই প্ৰস্তাৱ অনুসৰি কোনো কোম্পানীৰ কৰ্মচাৰীৰ লিখিত মঞ্জুৰি নাথাকিলে কৰ্মচাৰীক অভাৰটাইম ডিউটী কৰাব নোৱাৰিব কোম্পানীয়ে। বৃত্তিমূলক সুৰক্ষা , স্বাস্থ্য আৰু কাৰ্য ব্যৱস্থা বিধেয়ক ২০১৯ত লোৱা প্ৰস্তাৱ অনুসৰি কৰ্মচাৰীৰ পৰা লিখিত অনুমতি নোপোৱাকৈ কোম্পানীয়ে অভাৰটাইম ডিউটী কৰাব নোৱাৰিব কৰ্মচাৰীক।

বিজনেজ ষ্টেণ্ডাৰ্ডৰ তথ্য অনুসৰি এই সন্দৰ্ভত লোকসভাত এক বিধেয়ক উত্থাপন কৰিছে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী সন্তোষ কুমাৰ গংগৱাৰে। এই নতুন প্ৰস্তাৱৰ জৰিয়তে পূৰ্বৰ প্ৰস্তাৱ উঠাই দিব চৰকাৰে। য’ত পূৰ্বৰ প্ৰস্তাৱ মতে অভাৰটাইম কৰিলে কৰ্মচাৰীৰ পৰা অনুমতি লোৱাৰ কোনো নিয়ম নাছিল। আনহাতে নতুন প্ৰস্তাৱ অনুসৰি মাহত ১০০ ঘণ্টাৰ পৰিৱৰ্তে ১২৫ ঘণ্টালৈকে হ’ব পাৰে অভাৰটাইম।

এই মাহতে কৰ্মচাৰীৰ কাৰ্যালয়, সুৰক্ষা, স্বাস্থ্য আৰু কাৰ্য ব্যৱস্থাক লৈ হেল্থ এণ্ড ৱৰ্কিং কণ্ডিচন কোড বিল ২০১৯ত অনুমোদন জনাইছে মোদী চৰকাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি