সুখ‍বৰ! ৬কোটি PF একাউণ্টধাৰীয়ে পাব পূৰ্বতকৈ অধিক সুত, শ্ৰম মন্ত্ৰালয়ে বৃদ্ধি কৰিলে সুতৰ হাৰ

শ্ৰম মন্ত্ৰী সন্তোষ গংগাৱাৰে মঙলবাৰে কয় যে, এতিয়া এই সুত কৰ্মচাৰী ভৱিষ্যৎ নিধি সংগঠন (EPFO)ৰ ৬কোটি একাউণ্টধাৰীৰ একাউণ্টত জমা কৰা হ’ব। 

News18-Assam
Updated:September 25, 2019, 1:13 PM IST
সুখ‍বৰ! ৬কোটি PF একাউণ্টধাৰীয়ে পাব পূৰ্বতকৈ অধিক সুত, শ্ৰম মন্ত্ৰালয়ে বৃদ্ধি কৰিলে সুতৰ হাৰ
শ্ৰম মন্ত্ৰী সন্তোষ গংগাৱাৰে মঙলবাৰে কয় যে, এতিয়া এই সুত কৰ্মচাৰী ভৱিষ্যৎ নিধি সংগঠন (EPFO)ৰ ৬কোটি একাউণ্টধাৰীৰ একাউণ্টত জমা কৰা হ’ব। 
News18-Assam
Updated: September 25, 2019, 1:13 PM IST
মঙলবাৰে বিত্তীয় বৰ্ষ ২০১৮–১৯ৰ কাৰণে এমপ্লয়ি প্ৰভিডেণ্ট ফাণ্ড (EFP)ৰ ওপৰত ৮.৬৫শতাংশ সুতৰ হাৰ অধিসূচনাযোগে বলৱৎ কৰিছে। শ্ৰম মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ জৰিয়তে ৬কোটি পিএফ (PF) একাউণ্টধাৰীৰ লাভ হ’ব। শ্ৰম মন্ত্ৰী সন্তোষ গংগাৱাৰে মঙলবাৰে এই সুত কৰ্মচাৰী ভৱিষ্যৎ নিধি সংগঠন (EPFO)ৰ ৬কোটি একাউণ্টধাৰীৰ একাউণ্টত জমা কৰোৱা হ’ব বুলি জনায়।

উল্লেখযোগ্য যে কৰ্মচাৰী ভৱিষ্যৎ নিধি সংগঠন (EPFO)এ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিত্তীয় বৰ্ষ ২০১৮–১৯ৰ কাৰণে EPFত বিগত ৮.৫৫শতাংশ সুতৰ পৰিৱৰ্তে ৮.৬৫শতাংশ সুত প্ৰদান সিদ্ধান্ত লৈছিল। কিন্তু বিত্ত মন্ত্ৰালয়ৰ অনুমোদন নোপোৱাৰ কাৰণে এই ধন এইপৰ্যন্ত চাবস্ক্ৰাইবাৰ্চৰ একাউণ্টত দিব পৰা হোৱা নাছিল।  চলিত ছেপ্তেম্বৰ মাহতে এই সিদ্ধান্তত বিত্ত মন্ত্ৰালয়ে অনুমোদন প্ৰদান কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি