গ্ৰাহকৰ বাবে ভাল খবৰ, লাভ কৰিব বিনামূলীয়া চিলিণ্ডাৰ!

News18 Assam | News18-Assam
Updated:June 20, 2020, 10:54 AM IST
গ্ৰাহকৰ বাবে ভাল খবৰ, লাভ কৰিব বিনামূলীয়া চিলিণ্ডাৰ!
কোৰোণা সংকটৰ মাজতে উজ্জ্বলা যোজনাৰ অধীনৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ।

কোৰোণা সংকটৰ মাজতে উজ্জ্বলা যোজনাৰ অধীনৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ।

  • Share this:
কোৰোণা সংকটৰ মাজতে উজ্জ্বলা যোজনাৰ অধীনৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। খবৰ অনুসৰি, উজ্জ্বলা আঁচনিৰ অধীনৰ এল পি জি কানেকশ্যনত তেল কোম্পানীয়ে ই এম আই ডিফেৰমেণ্ট স্কীমৰ ম্যাদ আগন্তুক এবছৰলৈ বৃদ্ধি কৰিব পাৰে, যি চলিত বছৰৰ জুলাইত শেষ হোৱাৰ কথা আছিল।

ম্যাদ বঢ়াই দিলে আগন্তুক এবছলৈকে উজ্জ্বলা আঁচনিৰ গ্ৰাহকে এল পি জি চিলিণ্ডাৰ ক্ৰয় কৰিলে কোনো ধৰণৰ ই এম আই তেল কোম্পানীক দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব।

উজ্জ্বলা আঁচনি অনুসৰি, এল পি জি কানেকশ্যন লোৱাৰ সময়ত গেছ ষ্টোভ সহ মুঠ ৩২শ টকা দিবলগীয়া হয়। ইয়াৰে ১৬০০ টকাৰ চাবটিডি পোনপটীয়াকৈ চৰকাৰৰ তৰফৰ পৰা দিয়া হয়। আৰু বাকী ১৬০০ টকা তেল কোম্পানীয়ে দিয়ে। কিন্তু গ্ৰাহকে ই এম আইৰ ৰূপত ১৬০০ টকা তেল কোম্পানীক দিবলগীয়া হয়।

১৪ কিলোৰ প্ৰথম ৬টা চিলিণ্ডাৰত দিব নালাগে ই এম আই-

পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি তেল প্ৰতিষ্ঠানে ই এম আই ডেফাৰমেণ্ট স্কীম আৰম্ভ কৰিছে। ১৮ কিলোৰ প্ৰথম ৬টা চিলিণ্ডাৰত এবছৰলৈ দিব নালাগে কোনো ধৰণৰ ই এম আই।
First published: June 20, 2020, 10:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading