১ নবেম্বৰত মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত হাতী ছাফাৰী

১ নবেম্বৰৰ পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰা হ’ব এই হাতী ছাফাৰী

News18-Assam
Updated:October 31, 2019, 2:38 PM IST
১ নবেম্বৰত মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত হাতী ছাফাৰী
১ নবেম্বৰৰ পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰা হ’ব এই হাতী ছাফাৰী
News18-Assam
Updated: October 31, 2019, 2:38 PM IST
অহা ১ নবেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত মুকলি কৰা হ’ব পৰ্যটকৰ হাতী ছাফাৰী ৷ উল্লেখ্য যে ১ নবেম্বৰত কাজিৰঙাৰ কহঁৰা বনাঞ্চলত বন বিভাগৰ হাতী ছাফাৰীৰ লগতে বাগৰি বনাঞ্চলত ব্যক্তিগত হাতী ছাফাৰী মুকলি কৰাৰ কথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ঘোষনা কৰিছিল ৷ কিন্তু বিগত বানৰ পাছত বাগৰি বনাঞ্চলত ঠায়ে ঠায়ে পানী জমা হৈ থকাৰ লগতে এলেকাটো বোকাময় হৈ থকাৰ বাবে অনিশ্চয়তা আহি পৰিছে বাগৰিৰ হাতী ছাফাৰীত ৷ অৱশ্যে বাগৰি বনাঞ্চলত হাতী ছাফাৰীৰ বাবে অনা ব্যক্তিগত হাতীৰ স্বাস্থ্যৰ পৰীক্ষা সম্পন্ন কৰিছে পশু চিকিৎসকে ৷
আৰু চাওক পৰৱৰ্তী বাতৰি