সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা কণমানি হাতী পোৱালিৰ মৰমলগা দৃশ্য৷ যিয়ে এতিয়া আমোদ দিছে ইণ্টাৰনেট ব্যৱহাৰকাৰীক। ইণ্টাৰনেটত ভাইৰেল হৈ পৰা ভিডিঅ’টোত হাতী পোৱালিটোক পানী ভৰ্তি এটা টাবত গা ধুই ধুই খেলি থকা দেখিবলৈ পোৱা গৈছে।
ভাৰতীয় বন সেৱাৰ সুশান্ত নন্দাই টুইট কৰিছিল ৫১ ছেকেণ্ডৰ এই ভিডিঅ'টো। ভিডিঅ'টোত দেখুওৱা হৈছে যে হাতীৰ পোৱালিটোৱে প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ পানীৰে ভৰ্তি এটা টাবত ডুব মাৰিছিল আৰু পানীৰ সৈতে খেলিছিল। ইপিনে পোৱালিটো পানীৰ সৈতে খেলি থকা এই ভিডিঅ'টোত, হাতী পোৱালিটোৰ মাতৃকো টাবৰ চাৰিওফালে খোজ কাঢ়ি থকা দেখিবলৈ পোৱা গৈছে ৷ যাৰ দ্বাৰা প্ৰতিফলিত হৈছে মাতৃৰ মমতা ৷
“চাওক এই গৰমত কোনে মাতৃৰ সতৰ্ক দৃষ্টিৰ মাজত পানীৰে খেলিছে ” এইদৰে লিখি টুইটটোত কৰিছিল নন্দাই । টুইটাৰ ব্যৱহাৰকাৰীসকলে ভিডিঅ'টো ভাল পাইছিল আৰু নন্দাৰ টুইটৰ কমেণ্ট শাখাত হাৰ্ট ইমোটিকনৰ ৰূপত তেওঁলোকৰ মৰম প্ৰকাশ কৰিছিল।
উল্লেখ্য যে, জন্তুবোৰে বিশেষকৈ হাতীয়ে গা ধুই খুব আনন্দ লাভ কৰে কিয়নো সিহঁতে পানী খুব ভাল পায়। ইপিনে নন্দাই সাধাৰণতে জন্তুবোৰৰ হৃদয়স্পৰ্শী আচৰণৰ ভিডিঅ' প্ৰায়ে পোষ্ট কৰা দেখা যায়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 13, 2021, 16:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।