লক্ষ্য প্ৰদূষণ নিয়ন্ত্ৰণ, ৪ নৱেম্বৰৰ পৰা গুৱাহাটীৰ ৰাজপথত বৈদ্যুতিন বাছ

প্ৰথমতে পৰীক্ষামূলকভাৱে চলোৱা হ’ব ১৫ খন বাছ

News18-Assam
Updated:October 30, 2019, 5:33 PM IST
লক্ষ্য প্ৰদূষণ নিয়ন্ত্ৰণ, ৪ নৱেম্বৰৰ পৰা গুৱাহাটীৰ ৰাজপথত বৈদ্যুতিন বাছ
প্ৰথমতে পৰীক্ষামূলকভাৱে চলোৱা হ’ব ১৫ খন বাছ
News18-Assam
Updated: October 30, 2019, 5:33 PM IST
অহা ৪ নৱেম্বৰৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিব বৈদ্যুতিন বাছ। ৰাজ্যত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যেৰে এই পদক্ষেপ লৈছে ৰাজ্যৰ পৰিবহণ বিভাগে। প্ৰথমতে পৰীক্ষামূলকভাৱে ১৫ খন বৈদ্যুতিন বাছ চলোৱা হ’ব, যদি এই নতুন পদক্ষেপ সফল হয়, তেন্তে বাছৰ সংখ্যা বৃদ্ধি কৰিব বিভাগটোৱে।

গুৱাহাটী মহানগৰীৰ হোটেল ৰেডিশ্যন ব্লুত অনুষ্ঠিত হোৱা উত্তৰ-পূব বৈদ্যুতিন ম’বিলিটি সমাৰোহত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্ট ৰায়ে ৪ নবেম্বৰৰ পৰা গুৱাহাটী মহানগৰীৰ এই নতুন সেৱা আৰম্ভ কৰাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি