ঘৰুৱা ইউনিটৰত ১.৬০, বাণিজ্যিক ক্ষেত্ৰত ১.৮৫ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ!
আকৌ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ! ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল। প্ৰায় ২০ শতাংশ বৃদ্ধি পাব বিদ্যুৎৰ মাচুল। ঘৰুৱা আৰু বাণিজ্যিক উভয় ক্ষেত্ৰতে বৃদ্ধি পাব বিদ্যুত্ৰ মাচুল।
কিন্তু কেতিয়ালৈ নতুন নিৰিখত গ্ৰাহকে বৰ্ধিত মাচুল আদায় দিবলগীয়া হ’ব, সেয়া নিশ্চিত হোৱা নাই। বুধবাৰে গুৱাহাটীত বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ সুভাষ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত শুনানিৰ পিছতে ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ কৰা অনুসৰি, ঘৰুৱা ইউনিটৰত ১.৬০, বাণিজ্যিক ক্ষেত্ৰত ১.৮৫ টকাকৈ বিদ্যুৎৰ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|