RSS ৰ উদ্যোগত ঈদ মিলন সমাৰোহ

উপস্থিত থাকিব বহুকেইখন মুছলমান দেশৰ ৰাষ্ট্ৰপ্ৰধান

news18assam
Updated:June 12, 2019, 8:17 AM IST
RSS ৰ উদ্যোগত ঈদ মিলন সমাৰোহ
উপস্থিত থাকিব বহুকেইখন মুছলমান দেশৰ ৰাষ্ট্ৰপ্ৰধান
news18assam
Updated: June 12, 2019, 8:17 AM IST
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছ ৰ উদ্যোগত বুধবাৰে দিল্লীত অনুষ্ঠিত কৰা হ’ব ঈদ মিলন সমাৰোহ। আৰ এছ এছৰ সৈতে সম্পৰ্কীত ৰাষ্ট্ৰীয় মুছলিম মঞ্চই দিল্লীৰ সংসদ ভৱনৰ এনেক্সি হলত আয়োজন কৰিছে এই ঈদ মিলন সমাৰোহ। দেশৰ ভালেসংখ্যক আগশাৰীৰ মুছলমান সম্প্ৰদায়ৰ প্ৰতিনিধি উপস্থিত থাকিব লগীয়া এই সমাৰেহ খনিত বিশ্বৰ বহুকেইখন মুছলমান দেশৰ ৰাষ্ট্ৰ প্ৰধান উপস্থিত থকাৰ সম্ভাৱনা আছে।

দেশৰ মুছমান লোকসকলৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক অটুট ৰখাৰ মানসেৰে এই কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰে মঞ্চৰ সমন্বয়ৰক্ষক ইন্দ্ৰেশ কুমাৰে। সমাৰেহত আৰ এছ এছৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগতে বিজেপিৰো একাংশ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাও উপস্থিত থাকিব।
আৰু চাওক পৰৱৰ্তী বাতৰি