• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Eggs and Milk: কণী আৰু গাখীৰ একেলগে খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি? কি ক'লে বিশেষজ্ঞই?

Eggs and Milk: কণী আৰু গাখীৰ একেলগে খোৱা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি? কি ক'লে বিশেষজ্ঞই?

Can you eat eggs and milk together: কণী আৰু গাখীৰ একেলগে খাব পাৰিনে?

Can you eat eggs and milk together: কণী আৰু গাখীৰ একেলগে খাব পাৰিনে?

Can you eat eggs and milk together: কণী আৰু গাখীৰ একেলগে খাব পাৰিনে?

  • Share this:
কণী আৰু গাখীৰ একেলগে খাব পাৰিনে? বহুসময়ত এই প্ৰশ্ন উত্থাপিত হোৱা দেখিবলৈ পোৱা যায়। পুৱাৰ ব্ৰেকফাষ্টত অধিকাংশৰ প্লেটতে থাকে সিজোৱা কণী বা অমলেট আৰু লগত এগিলাচ গাখীৰ। কিন্তু বহুতৰে মতে, কণী আৰু গাখীৰ একেলগে খালে হজমত সদস্যৰ সৃষ্টি হ'ব পাৰে। আৰু একাংশৰ মতে, হজম কৰিব পাৰিলে, কণী আৰু গাখীৰ একেলগে খালেও সমস্যা নাই।

শীত, গ্ৰীষ্ম, বৰ্ষা- পুৱাৰ পৰা ৰাতি পৰ্যন্ত নানা সময়ত কণীৰ ওপৰতেই ভৰসা কৰে বেছিভাগ মানুহে। দাম কম কিন্তু পুষ্টি ভৰপুৰ। গতিকে কণী প্ৰায় প্ৰতিদিন সকলোৰে ঘৰলৈ কম-বেছি পৰিমাণে অনা হয়। সেইদৰে ঘৰত যদি সৰু ল'ৰা-ছোৱালী থাকে, তেতিয়া ইয়াৰ প্ৰয়োজনীতা বাঢ়ি যায়। সুষম, পুষ্টিকৰ খোৱাৰ তালিকাত কণী আৰু গাখীৰ থাকিবই। কিন্তু সমস্যা হ'ল, দুয়োটে একেলগে খোৱাকলৈহে। কি কৈছে বিশেষজ্ঞই?

কণীত প্ৰচূৰ পৰিমাণে এমিন' এচিড, প্ৰ'টিন আৰু প্ৰচূৰ পৰিমাণে ফেট থাকে। আনহাতে গাখীৰত আছে প্ৰ'টিন আৰু কেলচিয়াম। কণী আৰু গাখীৰে শৰীৰত প্ৰটিনৰ চাহিদা পূৰণ কৰাৰ লগতে ভাৰসাম্যতা ৰক্ষাত সহায় কৰে। কিন্তু আয়ুৰ্বেদ অনুসৰি, একেসময়তে দুই ধৰণৰ প্ৰ'টিন খালে হজমত প্ৰভাৱ পৰে। গতিকে কণী আৰু গাখীৰ একেলগে খালে পেট ফুলি যোৱা, পেটৰ বিষ আনকি ডায়েৰিয়াও হ'ব পাৰে।

বহুতৰ ধাৰণা, কণী আৰু গাখীৰ একেলগে খালে গেছৰ সমস্যা হ'ব পাৰে। কিন্তু এই ধাৰণা সম্পূৰ্ণ সঠিক নহয়। পুষ্টিবিদসকলৰ মতে, কণী সম্পূৰ্ণ সিজোৱা বা ভজা হ'লে গাখীৰৰ সৈতে নিশ্চিন্ত মনেৰে খাব পাৰি। গতিকে ব্ৰেকফাষ্টত গাখীৰ আৰু কণী একেলগে খালে সমস্যা নাই। কিন্তু যদি হজমৰ সমস্যা থাকে, ইউৰিক এচিডৰ সমস্যা থাকে, তেতিয়া একেলগে কণী আৰু গাখীৰ খাব নালাগে। এই ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ লোৱা জৰুৰী।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি