বিদ্যালয়ে বিদ্যালয়ে মধ্যাহ্ন ভোজন পৰীক্ষা কৰিব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই

মধ্যাহ্ন ভোজন যোগান দিয়া NGO ক কঠোৰ সকিয়নী শিক্ষামন্ত্ৰীৰ

News18-Assam
Updated:November 4, 2019, 3:49 PM IST
বিদ্যালয়ে বিদ্যালয়ে মধ্যাহ্ন ভোজন পৰীক্ষা কৰিব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই
মধ্যাহ্ন ভোজন যোগান দিয়া NGO ক কঠোৰ সকিয়নী শিক্ষামন্ত্ৰীৰ
News18-Assam
Updated: November 4, 2019, 3:49 PM IST
মধ্যাহ্ন ভোজন ছাত্ৰ–ছাত্ৰীয়ে খোৱাৰ বাবে উপযুক্ত নে? ‘‘ছাত্ৰ–ছাত্ৰী, শিক্ষক শিক্ষয়ত্ৰীয়ে কৈছে নহয়, একেবাৰেই নহয়!  নিম্নমানৰ খাদ্য যোগান ধৰিছে NGOই। এনে খাদ্য খোৱাতকৈ ভোকত থকাই ভাল’’। কিন্তু শুকুৰবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বৰ বিশেষ বিশ্বাস কৰা নাছিল সেই কথাৰ। নিজৰ মততে অটল থাকি ইমানৰ পিছতো NGO ই বিদ্যালয়ত মধ্যাহ্ন ভোজন যোগান ধৰিব বুলি ৰাজহুৱাকৈ কৈছিল মন্ত্ৰীগৰাকীয়ে। ফলত ক্ষোভত ফাটি পৰিছিল বিদ্যালয়ৰ মধ্যাহ্ন আহাৰ ৰন্ধা ৰান্ধনী আৰু সহায়িকা সকল।

NGO ই যোগান ধৰা খাদ্যৰ মান যে নিম্ন হৈছে সেই কথা যেন অলপ পলমকৈ হ’লেও এতিয়া অনুভৱ কৰিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। মধ্যাহ্ন ভোজন যোগান দিয়া NGO ক কঠোৰ সকিয়নী দিছে শিক্ষামন্ত্ৰীয়ে। মন্ত্ৰীয়ে এতিয়া ছাডেন ভিজিট কৰি পৰীক্ষা কৰিব মধ্যাহ্ন ভোজন। গুণগত মানৰ খাদ্য ছাত্ৰ–ছাত্ৰীক যোগান ধৰাত ব্যৰ্থ হ’লে NGO ৰ সৈতে শিক্ষা বিভাগে চুক্তি বাতিল কৰিব বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে।

চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ দায়িত্ব NGO ৰ হাতত অৰ্পণ কৰাক কেন্দ্ৰ কৰি তুংগত উঠিছে বিতৰ্ক। সোমবাৰে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকাৰ সৈতে এখন বৈঠকত মিলিত হয় ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ভট্টাচাৰ্যই ৰান্ধনী–সহায়িকাক চাকৰিৰ পৰা নিলম্বন কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই বুলি আশ্বস্ত কৰিবলৈ চেষ্টা কৰাৰ লগতে তেওঁলোকৰ মাত্ৰ কামৰ বোজা পাতল কৰিবলৈ হে NGO ক দায়িত্ব দিয়া হৈছে বুলি মন্তব্য কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি