কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা কৰিব পাৰে। চৰকাৰে বঢ়াব পাৰে কৰ্মচাৰীৰ অৱসৰৰ বয়স, বাঢ়িব পেঞ্চনো। কেৱল অৱসৰৰ বয়সেই নহয়, পেঞ্চনৰ ধনো বৃদ্ধিৰ সম্ভাৱনা।
প্ৰধানমন্ত্ৰীৰ আৰ্থিক উপদেষ্টা সমিতিৰ ফালৰ পৰা ইয়াৰ প্ৰতিবেদন প্ৰেৰণ কৰা হৈছে। কৰ্মচাৰীসকলৰ কাম কৰাৰ বয়স বৃদ্ধিৰ বাবে বিচাৰ-বিবেচনা চলিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ইয়াৰ বাবে ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰা হৈছে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধিৰ লগতে পেঞ্চনৰ পৰিমাণ বৃদ্ধিৰ দিশটোক গুৰুত্ব দিছে। আৰু সকলো ঠিকে থাকিলে শীঘ্ৰে ই কাৰ্যত ৰূপ পাব।
সমিতিৰ এক ৰিপৰ্ট অনুসৰি, প্ৰতিমাহে কমেও ২০০০ টকাৰ পেঞ্চন দিয়াৰ কথা উল্লেখ আছে। ৰিপৰ্টত উল্লেখ কৰা হৈছে যে, কৰ্মচাৰীৰ কৰ্ম বয়স বৃদ্ধি কৰাৰ দৰকাৰ আছে। সামাজিক সুৰক্ষা প্ৰণালী ওপৰত চাপ কমাবলৈ ৫০ বছৰৰ ওপৰৰ কৰ্মচাৰীৰ স্কীল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হ'ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|