• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • মধুচন্দ্ৰিকাৰ নিশা স্বামীয়ে পত্নীক দিলে এনেকুৱা চৰ্ত যে তালাকৰ পৰ্যায় পালেগৈ ঘটনা, সংসাৰ গঢ়াৰ পূৰ্বে থানবান হোৱাৰ কাহিনী

মধুচন্দ্ৰিকাৰ নিশা স্বামীয়ে পত্নীক দিলে এনেকুৱা চৰ্ত যে তালাকৰ পৰ্যায় পালেগৈ ঘটনা, সংসাৰ গঢ়াৰ পূৰ্বে থানবান হোৱাৰ কাহিনী

ভুক্তভোগী মহিলাগৰাকীৰ পিতৃয়ে কয় যে ল’ৰাজন লিখা–পঢ়াত খুবেই ভাল আৰু বেংকত চাকৰিও কৰে। এইবোৰ চায়েই একমাত্ৰ জীয়ৰীক তেওঁৰ সৈতে বিয়া দিছিল।

ভুক্তভোগী মহিলাগৰাকীৰ পিতৃয়ে কয় যে ল’ৰাজন লিখা–পঢ়াত খুবেই ভাল আৰু বেংকত চাকৰিও কৰে। এইবোৰ চায়েই একমাত্ৰ জীয়ৰীক তেওঁৰ সৈতে বিয়া দিছিল।

ভুক্তভোগী মহিলাগৰাকীৰ পিতৃয়ে কয় যে ল’ৰাজন লিখা–পঢ়াত খুবেই ভাল আৰু বেংকত চাকৰিও কৰে। এইবোৰ চায়েই একমাত্ৰ জীয়ৰীক তেওঁৰ সৈতে বিয়া দিছিল।

  • Share this:
ঝাৰখণ্ডৰ পূব সিংহভূম জিলাত এক আজৱ ঘটনা পোহৰলৈ আহিছে। বেংক বিষয়া স্বামীয়ে মধুচন্দ্ৰিকাৰ নিশা নতুন কইনাৰ আগত ৰাখিলে এনেকুৱা চৰ্ত যে ঘটনা তালাক পৰ্যন্ত পালেগৈ। নৱবিবাহিতা বোৱাৰীগৰাকীৰ সংসাৰ আৰম্ভ হোৱাৰ পূৰ্বেই থানবানৰ পৰ্যায় পালেগৈ। বিয়াৰ পিছত প্ৰথম নিশাই স্বামীৰ আজৱ চৰ্ত শুনি আৰক্ষীৰ ওচৰ চাপিল পত্নী। বিয়াৰ পিছত হানিমুনৰ সলনি মহিলাগৰাকীয়ে এতিয়া ক’ৰ্ট আৰু থানালৈ দৌৰিবলৈ বাধ্য হৈছে।

জানিব পৰা মতে, এই ঘটনাটো পূব সিংহভূম জিলাৰ পোটকা থানাৰ অন্তৰ্গত। এগৰাকী যুৱতীৰ বিয়া ১৮ জুন ২০১৮ত পৰছুদিহ নিবাসী এজন যুৱকৰ সৈতে হিন্দু ৰীতি–নীতিৰে হৈছিল। যুৱকজনে এমবিএ পঢ়াৰ পিছত লক্ষ্ণৌৰ এটা বেংকত এছিষ্টেণ্ট মেনেজাৰ পদত চাকৰি কৰি আছিল। মহিলাগৰাকীয়ে কয় যে বিয়াৰ পিছত মধুচন্দ্ৰিকাৰ নিশা স্বামীয়ে তেওঁৰ আগত ২ বছৰত আইএএছ হোৱাৰ চৰ্ত ৰাখে। মহিলাগৰাকীয়ে কয় যে তেওঁৰ স্বামীয়ে কৈছিল যদি এই কাম কৰিব নোৱাৰে তেন্তে দুয়োৰে মাজত স্বামী–স্ত্ৰীৰ সম্পৰ্ক শেষ হৈ যাব। আৰম্ভণিতে মহিলাগৰাকীয়ে এয়া ধেমালি বুলি ভাবিছিল। ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে পিছদিনা পুৱা স্বামীয়ে ইণ্টাৰভিউ দিয়াৰ কথা কৈ ঘৰৰ পৰা ওলাই গৈছিল আৰু তাৰ পিছত উভতি অহা নাছিল।

ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে তাৰ পিছৰে পৰা তেওঁৰ স্বামীয়ে কেতিয়াও তেওঁৰ সৈতে ফোনতো কথা পতা নাই। যেতিয়া কথা পতাৰ চেষ্টা কৰে স্বামীয়ে অস্বীকাৰ কৰে। ‘হিন্দুস্তান’ত প্ৰকাশিত খবৰ অনুসৰি, মহিলাগৰাকীয়ে কয় যে পিতৃ–মাতৃৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি নীৰৱে আছিল। আনহাতে, শহুৰেকৰ পৰিয়ালেও বিভিন্ন কথা শুনাবলৈ আৰম্ভ কৰে। ইয়াৰ মাজতে লোকজনে আদালতত তালাকৰ আবেদন দাখিল কৰে। এই কথা জানিব পাৰি ভুক্তভোগী মহিলাগৰাকীৰ মূৰত যেন সৰগ ভাগি পৰিল। তালাকৰ নটিচ পোৱাৰ পিছত মহিলাগৰাকী চিন্তিত হৈ পৰিছে। ভুক্তভোগী বোৱাৰীগৰাকীয়ে পঢ়া–শুনা কৰি আছে, যাতে এক লক্ষ্যত উপনীত হ’ব পাৰে আৰু স্বামীক শাস্তি দিব পাৰে।

ভুক্তভোগী মহিলাগৰাকীৰ পিতৃয়ে কয় যে ল’ৰাজন লিখা–পঢ়াত খুবেই ভাল আৰু বেংকত চাকৰিও কৰে। এইবোৰ চায়েই একমাত্ৰ জীয়ৰীক তেওঁৰ সৈতে বিয়া দিছিল। এতিয়া সেইজন লোকেই জীয়ৰীৰ জীৱন ধ্বংস কৰিলে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: