যদি আপোনাৰ ঘৰতো আৱৰ্জনা হৈ পৰি আছে নেকি খালী গ্লুক’জৰ বটল, তেন্তে আপুনি এতিয়া ইয়াৰ জৰিয়তেও উপাৰ্জন কৰিব পাৰিব। লগতে অধিক কম সময়তেই লাখ লাখ উপাৰ্জনো কৰিব পাৰিব।
যিহেতু ভাৰতত কৃষি আৰু কৃষি কৰ্ম আটাইতকৈ জনপ্ৰিয়, কিন্তু বহু ঠাইত কম বৰষুণৰ বাবেই কৃষকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ সক্ষম নহয়। গতিকে আজি আমি আপোনালোকক এনে এটা প্ৰযুক্তিৰ বিষয়ে অৱগত কৰাম, যাৰ জৰিয়তে আপুনি নতুন প্ৰযুক্তিৰে খেতি কৰি ভাল উপাৰ্জন কৰিব পাৰিব৷
মধ্য প্ৰদেশৰ জনজাতীয় আধিপত্য থকা ঝাবুৱাৰ জিলা এগৰাকী কৃষকে আৱৰ্জনা হৈ পৰি ৰোৱা গ্লুক’জৰ বটলেৰে ড্ৰিপ প্ৰণালীগত খেতি কৰি বৃহৎ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। পাহাৰীয়া জনজাতীয় অঞ্চলত খেতি কৰিবলৈ সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই নতুন প্ৰযুক্তি উলিয়াইছিল তেওঁ।
কেইদিনমানৰ ভিতৰতে বনাই লৈছে নাৰ্চাৰী -
তেওঁ ২০০৯-২০১০ চনতে ৰাষ্ট্ৰীয় কৃষি উদ্ভাৱন প্ৰকল্প (NAIP)ৰ বিজ্ঞানীসকলৰ সৈতে যোগাযোগ কৰিছিল আৰু তেওঁলোকৰ নিৰ্দেশনামৰ্মে শীত আৰু বৰষুণৰ বতৰত এডোখৰ সৰু মাটিত পাচলি খেতি কৰা আৰম্ভ কৰে৷ এনে ভূমিৰ বাবে এই খেতিবোৰেই সম্পূৰ্ণৰূপে উচিত আছিল৷ ইয়াত তেওঁ কেৰেলা, পানীলাওৰ খেতি আৰম্ভ কৰিছিল আৰু শীঘ্ৰেই তেওঁ এখন সৰু নাৰ্চাৰীও নিৰ্মাণ কৰিছিল।
NAIP-এ দিছিল এই পৰামৰ্শ -
তাত পানীৰ অভাৱৰ বাবে তেওঁৰ শস্য ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছিল আৰু যাৰ বাবে তেওঁ পুনৰ NAIPৰ সহায় বিচাৰিছিল। য'ত বিশেষজ্ঞসকলে তেওঁক পেলনীয়া গ্লুক’জৰ পানীৰ বটলৰ সহায়ত এটা জলসিঞ্চনৰ কৌশল গ্ৰহণ কৰাৰ পৰামৰ্শ দিছিল। সেই কথা শুনিয়েই তেওঁ প্ৰতি কিলোগ্ৰামত ২০ টকাৰ গ্লুক’জ প্লাষ্টিকৰ বটল আনি ব্যৱহাৰ কৰিছিল আৰু পানীৰ বাবে এটা ইনলেট তৈয়াৰ কৰিবলৈ ওপৰৰ আধা অংশ কাটি পেলাইছিল। পিছত পুলিৰ কাষতে ইয়াক ওলোমাই দিছিল৷
এটা ঋতুতেই উপাৰ্জন কৰিছিল ইমান লাভ -
তেওঁ এই বটলবোৰৰ সহায়ত কমকৈ কমকৈ পৰাকৈ এক সমান গতিত প্ৰবাহিত কৰিছিল পানী। তাৰ পিছত তেওঁ তেওঁৰ সন্তানক পুৱা স্কুললৈ যোৱাৰ পূৰ্বে সকলো বটল পুনৰ পূৰণ কৰিবলৈ কৈছিল ৷ এই প্ৰযুক্তিৰে কেৱল ঋতু শেষ হোৱাৰ পিছত ০.১ হেক্টৰ ভূমিৰ পৰা তেওঁ ১৫,২০০ টকা লাভ উপাৰ্জন কৰিছিল।
গাওঁখনৰ আন কৃষকসকলেও গ্ৰহণ কৰিছিল এই কৌশল-এই পদ্ধতিৰ দ্বাৰা তেওঁ পানী বচোৱাৰ লগতে উদ্ভিদ শুকান হৈ পৰাৰ পৰাও ৰক্ষা কৰিছিল । ইয়াৰোপৰি পেলনীয়া গ্লুক’জৰ প্লাষ্টিকৰ বটলো ব্যৱহাৰ কৰিছিল, যিহেতু এই বটলবোৰ সদায় আৱৰ্জনাৰ কেনত পেলাই দিয়া হয়। কৃষকগৰাকীৰ এই কৌশল সোনকালেই গাওঁখনৰ আন কৃষকসকলেও গ্ৰহণ কৰে। ইয়াৰ পিছতে ৰমেশ বাৰিয়াক জিলা প্ৰশাসন আৰু মধ্য প্ৰদেশ চৰকাৰৰ কৃষি মন্ত্ৰীৰ প্ৰশংসা পত্ৰ প্ৰদান কৰা হৈছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 21, 2021, 11:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।