আপুনি কৃষি কৰ্মৰ জৰিয়তে উপাৰ্জন কৰাৰ পৰিকল্পনা কৰিছে নেকি? আজি আমি আপোনাক এনে এক খেতিৰ বিষয়ে ক'ম, যাৰ জৰিয়তে লাখ টকালৈকে আপুনি উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।
তুলসী (Tulsi)ৰ খেতিৰ জৰিয়তে, আপুনি লাভৰ মুখ দেখিব পাৰে। বৰ্তমান সময়ত সমগ্ৰ বিস্বতে চাহিদা বাঢ়িছে তুলসীৰ। বিভিন্ন আয়ুৰ্বেদিক ঔষধ প্ৰস্তুৰ বাবে ব্যৱহাৰ কৰা হৈছে তুলসী। তুলসী খেতি কৰিবলৈ আপোনাক বেছি মূলধনৰ প্ৰয়োজন নহ'ব। একে সময়তে, ইয়াৰ চাহিদাও যথেষ্ট।
প্ৰায় সংখ্যক ঘৰেত নিশ্চিতভাবে এজোপা তুলসী গছ আছে। ইয়াৰ উপৰিও, ইয়াক পূজাৰ লগতে আন বহুতো ঔষধত ব্যৱহাৰ কৰা হয়। প্ৰাচীন ইউনানী পাণ্ডুলিপি, চীনা পুৰণি লিখনি আৰু ইজিপ্তীয় পেপিৰাছে ঔষধী উদ্ভিদৰ বিষয়ে উল্লেখ কৰিছিল। সাম্প্ৰতিক সময়ত, বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, বিশ্বৰ আনুমানিক ৮০ শতাংশ লোকে ঔষধী উদ্ভিদ বা ভেষজ চিকিৎসাৰ ওপৰত নিৰ্ভৰশীল।
কোৰোণা সংকটত চাহিদা বৃদ্ধি হৈছেঃজনাই দিও যে, কোৰোণা মহামাৰীৰ পিছৰ পৰা, বহুলোক আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক ঔষধৰ প্ৰতি ক্ৰমান্বয়ে আকৰ্ষিত হৈছে, আৰু সেয়েহে ইয়াৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে। তুলসীৰ চাহিদা প্ৰতিদিনে বাঢ়ি আহিছে। বৰ্তমান সময়ত ইয়াৰ বজাৰো যথেষ্ট বৃদ্ধি পাইছে। এই ক্ষেত্ৰত, যদি আপুনি ঔষধী উদ্ভিদ (Medicinal Plants)ৰ ব্যৱসায় আৰম্ভ কৰে, ই আপোনাৰ বাবে অতি লাভজনক হ'ব পাৰে।
সহজে ব্যৱসায় আৰম্ভ কৰিব পাৰে এই ব্যৱসায় আৰম্ভ কৰিবলৈ আপুনি অত্যাধিক টকা খৰচ কৰাৰ প্ৰয়োজন নাই। একে সময়তে, আপোনাক দীৰ্ঘম্যাদী কৃষিৰ প্ৰয়োজন। আপুনি ঠিকা কৃষিৰ জৰিয়তেও এই ব্যৱসায় আৰম্ভ কৰিব পাৰে।
৩ লাখ টকালৈকে উপাৰ্জন হ’ব আপুনি তুলসীৰ খেতি আৰম্ভ কৰিলে মাত্ৰ ১৫,০০০ টকা খৰচ কৰিব লাগিব। তুলসী শস্য ৩ মাহ ৰোৱাৰ পিছতহে গড়ে ৩ লাখ টকাত বিক্ৰী কৰা হয়। বজাৰত বহুতো আয়ুৰ্বেদিক কোম্পানী যেনে, ডাবৰ, বৈদ্যনাথ, পতঞ্জলি আদিয়েও চুক্তি ভিত্তিত তুলসী খেতি কৰি আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|