• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • প্ৰতিমাহত সামান্য বিনিয়োগ কৰি লাভ কৰক ৩৫ লাখ টকা, জানক Post Officeৰ এই আঁচনিৰ বিষয়ে

প্ৰতিমাহত সামান্য বিনিয়োগ কৰি লাভ কৰক ৩৫ লাখ টকা, জানক Post Officeৰ এই আঁচনিৰ বিষয়ে

এই বীমা আঁচনিত ঋণৰ সুবিধাও পোৱা যায় যাৰ সুবিধা পলিচী গ্ৰহণ কৰাজনে চাৰি বছৰ পিছত ল’ব পাৰে।

এই বীমা আঁচনিত ঋণৰ সুবিধাও পোৱা যায় যাৰ সুবিধা পলিচী গ্ৰহণ কৰাজনে চাৰি বছৰ পিছত ল’ব পাৰে।

এই বীমা আঁচনিত ঋণৰ সুবিধাও পোৱা যায় যাৰ সুবিধা পলিচী গ্ৰহণ কৰাজনে চাৰি বছৰ পিছত ল’ব পাৰে।

  • Share this:


বজাৰত বিনিয়োগৰ বহু সুবিধা উপলব্ধ বৰ্তমান সময়ত। বহু আঁচনিৰ ৰিচাৰ্ণ আকৰ্ষণীয় বুলি কোৱা হয়। কিন্তু সকলোৱে নিজৰ উপাৰ্জিত ধনৰ সুৰক্ষা বিচাৰে। যদি আপুনিও ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে পঢ়ক এই প্ৰতিবেদন।

পোষ্ট অফিচৰ এই আঁচনি (Post Office Scheme) আপোনাৰ বাবে লাভজনক হ’ব পাৰে। ভাৰতীয় ডাক বিভাগে আগবঢ়োৱা গ্ৰাম সুৰক্ষা যোজনা ইয়াৰ এক সুন্দৰ বিকল্প য’ত কম ৰিস্ক আৰু ভাল ৰিটাৰ্ণ পাব পাৰে। গ্ৰাম সুৰক্ষা যোজনাৰ জৰিয়তে বোনাচৰ লগতে সুনিশ্চিত ৰাশি বা ৮০ বছৰ বয়সৰ পিছত বা মৃত্যু হ’লে আইনী উত্তৰাধিকাৰীয়ে লাভ কৰে।

১৯ বছৰৰ পৰা ৫৫ বছৰ বয়সলৈ যিকোনো ভাৰতীয় নাগৰিকে এই বীমা আঁচনি গ্ৰহণ কৰিব পাৰে। এই আঁচনিৰ ন্যূনতম বীমা ৰাশি ১০,০০০ টকাৰ পৰা ১০ লাখ টকালৈ। এই আঁচনিৰ প্ৰিমিয়াম মাহিলি, ত্ৰামাসিক, অৰ্থবাৰ্ষিক বা বাৰ্ষিক হিচাপত ল’ব পাৰে। গ্ৰাহকে প্ৰিমিয়াম পেমেণ্ট কৰিবলৈ ৩০ দিনৰ ৰেহাই দিয়া হয়।

এই বীমা আঁচনিত ঋণৰ সুবিধাও পোৱা যায় যাৰ সুবিধা পলিচী গ্ৰহণ কৰাজনে চাৰি বছৰ পিছত ল’ব পাৰে।

SBI গ্ৰাহকৰ বাবে জৰুৰী খবৰ ! শীঘ্ৰেই বেংকৰ এই কাম কৰক, নহ'লে বন্ধ হৈ পৰিব পাৰে আপোনাৰ একাউণ্ট !

গ্ৰাহকে ৩ বছৰ পিছত পলিচী ছাৰেণ্ডাৰ কৰাৰো বিকল্প গ্ৰহণ কৰিব পাৰে। অৱশ্যে তেনে কৰিলে কেতবোৰ সুবিধা নাপাব। এই পলিচীৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ ইণ্ডিয়া পোষ্টৰ পৰা দিয়া বোনাচ আৰু অন্তিম ঘোষিত বোনাচ প্ৰতি বছৰে ৬৫ টকা প্ৰতি এহাজাৰ টকাত প্ৰদানৰ কৰা আস্বাস প্ৰদান কৰা হৈছে।

যদি কোনোৱে ১৯ বছৰত ১০ লাখ টকাৰ গ্ৰাম সুৰক্ষা পলিচী গ্ৰহণ কৰে, তেন্তে তেওঁৰ ৫৫ বছৰৰ বাবে মাহিলি প্ৰিমিয়াম ১৫১৫ টকা, ৫৮ বছৰৰ বাবে ১৪৬৩ টকা আৰু ৬০ বছৰৰ বাবে ১৪১১ টকা হ’ব। পলিচী গ্ৰহণকাৰীয়ে ৫৫ বছৰৰ বাবে ৩১.৬০ লাখ টকা, ৫৮ বছৰৰ বাবে ৩৩.৪০ লাখ টকাৰ মেচ্যুৰিটী বেনিফিট পাব। ৬০ বছৰৰ বাবে মেচ্যুৰিটী বেনিফিট ৩৪.৬০ লাখ টকা হ’ব।

এই সন্দৰ্ভত গ্ৰাহকে টোল ফ্ৰী নম্বৰ 1800 180 5232/155232ত ফোন কৰিব পাৰে বা অধিক জানিবলৈ www.postallifeinsurance.gov.inত যোগাযোগ কৰিব পাৰে।

Assam News Today | News in Assamese | Latest News in Assamese

Published by:Sanjay Kumar Das
First published: