• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Amazon: আমাজ'নে দিছে মাহে ৬০-৭০ হাজাৰ টকা উপাৰ্জনৰ সুযোগ! মাত্ৰ ৪ ঘণ্টা কাম কৰিলেই যথেষ্ট

Amazon: আমাজ'নে দিছে মাহে ৬০-৭০ হাজাৰ টকা উপাৰ্জনৰ সুযোগ! মাত্ৰ ৪ ঘণ্টা কাম কৰিলেই যথেষ্ট

ফুল টাইম অথবা পাৰ্ট টাইম যি বিচাৰে, সেয়াই কৰিব পাৰিব আপুনি। পিছে এয়া কিদৰে সম্ভৱ?

ফুল টাইম অথবা পাৰ্ট টাইম যি বিচাৰে, সেয়াই কৰিব পাৰিব আপুনি। পিছে এয়া কিদৰে সম্ভৱ?

ফুল টাইম অথবা পাৰ্ট টাইম যি বিচাৰে, সেয়াই কৰিব পাৰিব আপুনি। পিছে এয়া কিদৰে সম্ভৱ?

  • Share this:
প্ৰতি মাহে আপুনিও ৬০ৰ পৰা ৭০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। এই সুযোগ দিছে ই-কমাৰ্ছ সংস্থা আমাজ'নে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, ইয়াৰ বাবে আপুনি দিনে ৯ ঘণ্টাকৈ কাম কৰাৰ প্ৰয়োজন নাই। কেৱল মাত্ৰ চাৰি ঘণ্টা কাম। Amazonৰ এই চাকৰিত নাই কোনো সময়ৰ বাধ্যবাধকতা। অর্থাৎ ফুল টাইম অথবা পাৰ্ট টাইম যি বিচাৰে, সেয়াই কৰিব পাৰিব আপুনি। পিছে এয়া কিদৰে সম্ভৱ, জানি লওক-

Amazonৰ ডেলিভাৰী বয় হিচাপে কাম কৰিলে আপুনি ভাল টকা উপাৰ্জন কৰিব পাৰিব। ইয়াত আপোনাৰ কাম হ'ব, গ্ৰাহকৰ পাৰ্চেল, তেওঁৰ ঘৰত বা ঠিকনাত ডেলিভাৰী দিয়া। Amazon warehouse ৰ পৰা পেকেজলৈ গ্ৰাহকৰ ওচৰ চাপিব লাগিব। এই কামৰ চাহিদা দিনে দিনে বাঢ়িছে।

১০ৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বলৈকে দিব লাগিব ডেলিভাৰী। এজন ডেলিভাৰী বয়ে এদিনত ১০০ৰ পৰা ১৫০টা পেকেজ ডেলিভাৰী দিব লাগে।

ইয়াত কাম কৰাৰ কোনো নিৰ্দিষ্ট সময় নাই। সকলো নিৰ্ভৰ কৰে আপোনাৰ নিজৰ ওপৰত। আপুনি কিমান ঘণ্টা কাম কৰিব, কিমানটা পেকেজ ডেলিভাৰী দিব, সকলো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আমাজ'নে পুৱা ৭ বজাৰ পৰা নিশা ৮ বজা পৰ্যন্ত ডেলিভাৰী দিয়ে।

কিদৰে কৰিব চাকৰিৰ আবেদনঃ আপুনি এই কামৰ বাবে যদি আগ্ৰহী তেন্তে লগ ইন কৰক https://logistics.amazon.in/applynowত।

কি কৰিব লাগিবঃ
ডেলিভাৰী বয় হ'বলৈ কোনো পঢ়া-শুনাৰ ডিগ্ৰী থকাৰ প্ৰয়োজন নাই। আপুনি স্কুল-কলেজ পাছ হ'লে তাৰ চাৰ্টিফিকেট দেখুৱাটো বাধ্যতামূলক। ডেলিভাৰী দিয়াৰ বাবে নিজৰ বাইক বা স্কুটাৰ থকাটো প্ৰয়োজন। ড্ৰাইভিং লাইচেন্স থকাতো বাধ্যতমূলক।
Published by:Himangshu Bhuyan
First published: