உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • দীপাৱলীত ৭৮৬ নম্বৰৰ নোটে আপোনাক দিব প্ৰচুৰ ধন, পাব ৩ লাখ টকা!

    দীপাৱলীত ৭৮৬ নম্বৰৰ নোটে আপোনাক দিব প্ৰচুৰ ধন, পাব ৩ লাখ টকা!

    এই চিৰিজৰ নোটেৰে আপুনি ভাল উপাৰ্জন কৰিব পাৰিব।

    এই চিৰিজৰ নোটেৰে আপুনি ভাল উপাৰ্জন কৰিব পাৰিব।

    এই চিৰিজৰ নোটেৰে আপুনি ভাল উপাৰ্জন কৰিব পাৰিব।

    • Share this:
    নতুন দিল্লীঃ যদি আপুনিও মুদ্ৰা আৰু নোট সংগ্ৰহ কৰাৰ চৌখিন তেনেহ’লে আপুনি সহজে লাখপতি হ’ব পাৰিব। এইবছৰ দিৱালীত আপুনি পুৰণি নোট আৰু মুদ্ৰাৰে নিজৰ ভাগ্য জিলিকাব পাৰিব। তেতিয়াহ’লে সোনকালে ৭৮৬চিৰিজৰ নোট বিচৰা আৰম্ভ কৰক! যদি আপোনাৰ ওচৰত এই চিৰিজৰ নোট আছে তেনেহ’লে আপুনি ভাল উপাৰ্জনৰ সুযোগ লাভ কৰিব। ইয়াৰ কাৰণে আপুনি কেৱল ই–বেৰ ৱেবছাইটত যাব লাগিব আৰু নিজৰ নোটত ই–নীলামৰ জৰিয়তে টকা ঘটিব পাৰিব। জানক টকা ঘটিবলৈ আপোনাক কোনটো নোট লাগে।

    পাব ৩লাখ টকা

    ইণ্ডিয়ান কাৰেন্সীৰ আপুৰুগীয়া কাৰেন্সীৰ নীলামী ই–বে’ত হয়। ই–বে’ৰ নীলামত সদায় এনে নোট বিচৰা হয়। এই নীলামত যিকোনো সাধাৰণ ব্যক্তিয়ে অংশ ল’ব পাৰে। ৭৮৬ চিৰিজৰ নোটত আপুনি ৩লাখ টকালৈকে দাম বিচাৰিব পাৰে।

    উল্লেখ্য যে আপোনাৰ নোটৰ বাণ্ডিলত যদি ৭৮৬ নম্বৰ নাই কিন্তু একেসমান নম্বৰৰ নোট আছে তেতিয়াও আপুনি উপাৰ্জন কৰিব পাৰে। শেহতীয়াকৈ এখন দহটকীয়া নোট পোৱা গৈছিল য’ত সংখ্যাৰ চিৰিজ সমান আছিল। এই নোটৰ বিপৰীতে দাম বিচৰা গ্ৰাহকে ৩৩০০টকা পাইছিল। আপুনিও এনে ধৰণৰ নোটেৰে উপাৰ্জন কৰিব পাৰে।

    ১ টকীয়া নোটে দিয়াব ১০,০০০টকা

    একেধৰণে যদি আপোনাৰ ওচৰত ১টকাৰ এনে নোট আছে যিখন ১৯১৭চনত চপা কৰা হৈছে তেনেহ’লে এইখন নোটৰ মূল্য ১০,২৫০ টকা। অৰ্থাৎ আপোনাৰ ওচৰত যদি এনে নোট আছে যিখন নীলামলৈ গৈছে সেইখনত আপুনি ১০,২৫০টকালৈকে পাব।

    ১৯৫১ত ছপা কৰা ১০টকীয়া নোট
    সেইদৰে ১৯৫১চনত চপা কৰা এখন পুৰণি ১০টকীয়া নোট আছে। এই নোটখন বগা আৰু পাতল নীলা ৰঙৰ হয়। যদি আপোনাৰ ওচৰত এইখন নোট আছে তেনেহ’লে ইয়াৰ মূল্য ১লাখ টকালৈকে পাব পাৰে। বহুত বেছি পুৰণা হোৱাৰ কাৰণে এইখন নোট যথেষ্ট আপুৰুগীয়া গণ্য কৰা হয়।

    বৈষ্ণো দেৱীৰ ৫টকীয়া আৰু ১০টকীয়াৰেও কৰক উপাৰ্জন

    যদি আপোনাৰ ওচৰত বৈষ্ণো দেৱীৰ ৫টকীয়া আৰু ১০টকীয়া মুদ্ৰা আছে তেনেহ’লে এই মুদ্ৰাও বেচি আপুনি টকা ঘটিব পাৰে। বৈষ্ণো দেৱীৰ চাপ থকা (Mata Vaishno Devi) এই মুদ্ৰা ২০০২চনত জাৰি কৰা হৈছিল। দেৱী মাৰ ছবি থকাৰ কাৰণে হিন্দু মানুহে এই মুদ্ৰা যথেষ্ট লাকী মানে।
    First published: