உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • মাত্ৰ ৪ হাজাৰ টকা খৰচত কৰি Railwayৰ সৈতে আৰম্ভ কৰক নিজৰ ব্যৱসায়! প্ৰতি মাহে ৮০,০০০ পৰ্যন্ত কৰিব পাৰিব উপাৰ্জন, জানি লওক প্ৰচেচ

    মাত্ৰ ৪ হাজাৰ টকা খৰচত কৰি Railwayৰ সৈতে আৰম্ভ কৰক নিজৰ ব্যৱসায়! প্ৰতি মাহে ৮০,০০০ পৰ্যন্ত কৰিব পাৰিব উপাৰ্জন, জানি লওক প্ৰচেচ

    আপুনি আইআৰচিটিচিৰ সহায়ত প্ৰতি মাহে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে (how to earn money)।

    আপুনি আইআৰচিটিচিৰ সহায়ত প্ৰতি মাহে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে (how to earn money)।

    আপুনি আইআৰচিটিচিৰ সহায়ত প্ৰতি মাহে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে (how to earn money)।

    • Share this:
    ভাৰতীয় ৰে'লৱে (Indian Railways)ৰ সহায়ক সংস্থা ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেচন (IRCTC)য়ে ৰে'লৰ টিকট বুকিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন সুবিধা প্ৰদান কৰে। তদুপৰি, আপুনি আইআৰচিটিচিৰ সহায়ত প্ৰতি মাহে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে (how to earn money)। তাৰ বাবে আপুনি টিকট এজেণ্টৰ (Ticket Agent) কাম কৰিব লাগিব।

    কিদৰে কৰিব লাগিব আবেদনঃ

    প্ৰথমতে, আপুনি আইআৰচিটিচি ৱেবছাইটলৈ যাব লাগিব আৰু এজেণ্ট হ'বলৈ আবেদন কৰিব লাগিব। তাৰ পিছত আপুনি এজন কৰ্তৃত্বপ্ৰাপ্ত টিকট বুকিং এজেণ্ট (Ticket booking agent) হ'ব পাৰিব। আৰু তাৰ পিছৰ পৰা আপুনি টিকট বুক কৰিব পাৰে। এজেণ্টসকলে টিকট বুক কৰাৰ সময়ত আইআৰচিটিচিৰ পৰা এটা ভাল কমিছন লাভ কৰে।

    কিমান কমিচন লাভ কৰিব?

    যিকোনো যাত্ৰীৰ বাবে প্ৰতিটি টিকটত ২০ টকা আৰু AC টিকট বুকিঙত প্ৰতিটো টিকটত ৪০ টকাৰ কমিচন দিয়া হয়। ইয়াৰ উপৰিও, টিকটৰ মূল্যৰ এক শতাংশ এজেণ্টক পৰিশোধ কৰা হয়। আইআৰচিটিচিৰ এজেণ্ট হোৱাৰ আন এটা আটাইতকৈ ডাঙৰ সুবিধা হ'ল টিকট বুক কৰাৰ ক্ষেত্ৰত ইয়াৰ কোনো সীমা নাই। আপুনি এমাহত যিমান বিচাৰে সিমান টিকট বুক কৰিব পাৰে। আপুনি ১৫ মিনিটত তৎকাল টিকট বুক কৰাৰ বিকল্পও লাভ কৰে। এজন এজেণ্ট হিচাপে আপুনি ৰে'লৰ উপৰিও ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান টিকট বুক কৰিব পাৰে (Flight Ticket Booking)।

    কিমান হ'ব উপাৰ্জন?

    এমাহত কিমান টিকট এজেণ্টে বুকিং কৰিব তাৰ কোনো নিৰ্ধাৰিত সীমা নাই। গতিকে যিকোনো লোকে এমাহত সীমাহীন সংখ্যক টিকট বুক কৰিব পাৰে। এজেণ্টসকলে প্ৰতিটো বুকিং আৰু লেনদেনৰ ওপৰত এটা কমিচন লাভ কৰে। এজন এজেণ্টে প্ৰতি মাহে ৮০,০০০ টকালৈকে নিয়মীয়া উপাৰ্জন কৰিব পাৰে। কাম হ্ৰাস বা লেহেমীয়া হ'লেও গড়ে ৪০ৰ পৰা ৫০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি।

    কিমান ফীজ দিব লাগিবঃ

    যদি আপুনি এবছৰৰ বাবে এজেণ্ট হ'ব বিচাৰে, IRCTCক ৩,৯৯৯ টকা মাচুল পৰিশোধ কৰিব লাগিব, আনহাতে দুবছৰৰ বাবে মাচুল হৈছে ৬,৯৯৯ টকা। আনহাতে, এজেণ্ট হিচাপে মাহে ১০০ টা টিকট বুক কৰিলে প্ৰতিটো টিকটৰ বাবে 10 টকা মাচুল পৰিশোধ কৰিব লাগিব। আনহাতে এমাহত ১০১ৰ পৰা ৩০০ টিকট বুক কৰাৰ বাবে প্ৰতি টিকটত ৮ টকা আৰু এমাহত ৩০০তকৈ অধিক টিকট বুক কৰাৰ বাবে প্ৰতি টিকটত ৫ টকা ফীজ দিব লাগিব।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: