৫টকীয়া বা ১০ টকীয়া এনে মুদ্ৰাই আপোনাক দিব অগাধ ধন! পাই যাব পাৰে ১০লাখ টকা

News18 Assam | News18-Assam
Updated:October 20, 2020, 12:44 PM IST
৫টকীয়া বা ১০ টকীয়া এনে মুদ্ৰাই আপোনাক দিব অগাধ ধন! পাই যাব পাৰে ১০লাখ টকা
যদি আপোনাৰ হাতত মা বৈষ্ণো দেৱীৰ (Mata Vaishno Devi) ৫টকীয়া আৰু ১০টকীয়া মুদ্ৰা আছে তেনেহ’লে ইয়াক বেচি আপুনি টকা ঘটিব পাৰে। ২০০২চনত এই মুদ্ৰা জাৰি কৰা হৈছিল।

যদি আপোনাৰ হাতত মা বৈষ্ণো দেৱীৰ (Mata Vaishno Devi) ৫টকীয়া আৰু ১০টকীয়া মুদ্ৰা আছে তেনেহ’লে ইয়াক বেচি আপুনি টকা ঘটিব পাৰে। ২০০২চনত এই মুদ্ৰা জাৰি কৰা হৈছিল।

  • Share this:
নতুন দিল্লীঃ কোৰোণা সংকটৰ সময়ত আপুনিও যদি টকা ঘটাৰ পৰিকল্পনা কৰি আছে তেনেহ’লে আপোনাৰ ওচৰত আছে লাখপতি হোৱাৰ সুযোগ। আটাইতকৈ দৰকাৰী কথা যে ইয়াত আপুনি একো কৰিব নালাগে। যদিহে আপোনাৰ ওচৰত বিশেষ ৫টকীয়া বা ১০টকীয়া মুদ্ৰা আছে তেনেহ’লে এই মুদ্ৰা বেচি আপুনি টকা ঘটিব পাৰে। ইয়াৰ কাৰণে এই পৌৰাণিক চিহ্ন থকা মুদ্ৰাৰ ফটো ৱেবছাইটত দিব লাগিব। মানুহে এই মুদ্ৰাৰ ওপৰত দাম ক’ব আৰু এই নীলামত আপুনি যাক বিচাৰে মুদ্ৰা বেচি কেবা লক্ষাধিক টকা ঘটিব পাৰিব। আহক জানক ইয়াৰ কাৰণে আপোনা হাতত কোনকেইটা ৫টকীয়া বা ১০টকীয়া মুদ্ৰা থাকিব লাগিব আৰু ইয়াক বেচি কেনেকৈ টকা ঘটিব পাৰিব?

কোন মুদ্ৰাই কৰিব লাখপতি?

মিডিয়া ৰিপ’ৰ্টছৰ মতে, ইণ্ডিয়ামাৰ্টৰ ৱেবছাইটত পুৰণি মুদ্ৰা আৰু নোটৰ নীলামী হৈ আছে। যদি আপুনি পুৰণি সামগ্ৰী সংগ্ৰহ কৰাৰ চৌখিন তেনেহ’লে এই হবিয়ে আপোনাক লাখপতি কৰিব পাৰে। ইয়াৰ কাৰণে আপোনাৰ ওচৰত সেই ১০টকীয়া বা ৫টকীয়া মুদ্ৰা থাকিব লাগিব য’ত বৈষ্ণো দেৱীৰ ছবি অংকিত থাকে। এই মুদ্ৰাসমূহে ২০০২চনত জাৰি কৰা হৈছিল। মুদ্ৰাত বৈষ্ণো দেৱীৰ ছবি থকাৰ কাৰণে বহুতেই এই মুদ্ৰাক লাকী বুলি গণ্য কৰিছে। হিন্দু ধৰ্মাৱলম্বীসকলৰ একাংশৰ বিশ্বাস এই মুদ্ৰাই ভাল ভাগ্য আনিব আৰু সেয়ে লাখ লাখ টকা খৰছ কৰি এনে মুদ্ৰা সংগ্ৰহ কৰিছে।

এই মুদ্ৰাসমূহৰ দ্বাৰা ১০লাখ টকালৈকে ঘটাৰ অৱসৰ পোৱাৰ কথা প্ৰকাশ। ইয়াৰ ওপৰিউ এই মুদ্ৰাৰ নীলামতো দাম–দৰ কৰিব পাৰে।

ক’ত বেচিব পাৰিব এই মুদ্ৰা?

ইণ্ডিয়া মাৰ্টে এই নোটসমূহ বেচাৰ ব্যৱস্থা কৰিছে। এই প্লেটফ’ৰ্মত মুদ্ৰা বিক্ৰী কৰিব পাৰে। ছাইটত গৈ নোট বিক্ৰী কৰি লাখ টকা ঘটিব পাৰে।

এই নোটৰ সলনিও ঘটিব পাৰে ২৫হাজাৰ টকা

ব্ৰিটিশ যুগত চলা বিশেষ ১০টকীয়া নোট য’ত অশোক স্তম্ভ আছে আৰু তিনিমুখীয়া সিংহ আছে এনে প্ৰাচীন নোট দিও ২০–২৫হাজাৰ টকা ঘটিব পাৰে। অনলাইনত এনে দুৰ্লভ নোট বিক্ৰী কৰাৰ ব্যৱস্থা আছে।

এইসমূহ ৱেবছাইটত কৰিব পাৰে চেল–

https://dir.indiamart.com/impcat/old-coins.html

https://in.pinterest.com/080841052o/sell-old-coins/

http://www.indiancurrencies.com/
First published: October 20, 2020, 12:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading