ভিটামিন A, C, B6 আৰু B12-য়ে চুলিৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰাত পোনপটীয়াকৈ সহায় কৰিব পাৰে। ইয়াৰ উপৰি কেৰাটিনৰ জৰিয়তে চুলিৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰা সম্ভৱ।
ভিটামিন A, C, B6 আৰু B12-য়ে চুলিৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰাত পোনপটীয়াকৈ সহায় কৰিব পাৰে। ইয়াৰ উপৰি কেৰাটিনৰ জৰিয়তে চুলিৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰা সম্ভৱ।
অসময়ত চুলি পকিবলৈ (Grey Hair) ধৰিছে ! ক'লা চুলিবোৰ বগা হৈ আহিছে! ইয়াৰ পৰা উপশম পোৱাৰ কোনো উপায় নাই নেকি? আছে। যদি আপুনি ঘৰতে কেইটামান নিয়ম মানি চলে, তেন্তে আপোনাৰ ক'লা চুলি (Black Hair) পুনৰ উভতি আহিব। সাধাৰণতে, অস্বাস্থ্যকৰ আহাৰ, অনিয়মীয়া জীৱনশৈলীৰ পৰা আৰম্ভ কৰি লিভাৰৰ সমস্যালৈকে এই সকলোবোৰেই চুলি পকাৰ (Grey Hair) অন্যতম কাৰণ। সেইবোৰ কেনেদৰে সমাধান কৰিব লাগে। আপোনাৰ ক'লা চুলিবোৰ কেনেকৈ আপুনি উভতাই পাব তাৰ উপায় চাওঁ আহক।
যদি আপোনাৰ শৰীৰত ভিটামিন (Vitamins)ৰ অভাৱ থাকে, তেনেহ'লে যি কোনো বয়সতে পকা চুলিৰ সমস্যাই দেখা দিব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আপোনাৰ আহাৰত কেইটামান বিশেষ বস্তু যোগ দিব লাগিব। প্ৰথমতে থাকিব লাগিব, সেউজীয়া পাচলি, ষ্ট্ৰবেৰী, কিৱি, আনাৰস, তৰমুজ । ইয়াৰ উপৰিও পাচলিৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগিব আলু, কেপচিকাম, ভেষজ তেল, চয়াবীন। ইয়াৰ উপৰিও, কণী, চাউল, গাখীৰ, মাছ, মুৰ্গীৰ মাংসও আপোনাৰ বগা চুলিৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰিব ।
এই পর্যন্ত চুলি বগা পৰা বা চুলি পকা সমস্যা নিৰাময়ৰ বাবে কোনো নিৰ্দিষ্ট ঔষধ ওলোৱা নাই। কিন্তু স্বাস্থ্যৰ সামগ্ৰিক উন্নতিৰ ফলত, আপোনাৰ বগা চুলি হ্ৰাস কৰিব পাৰি। যদি ভিটামিনবোৰ পৃথকে গ্ৰহণ কৰিব লগা হয়, তেন্তে আপুনি চিকিৎসকৰ সৈতে কথা পাতিব লাগিব। ঔষধটো চিকিৎসকৰ প্ৰেছক্ৰিপশ্বনৰ পিছতহে গ্ৰহণ কৰিব লাগে।
মনত ৰাখিব যে ভিটামিন A, C, B6 আৰু B12-য়ে চুলিৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰাত পোনপটীয়াকৈ সহায় কৰিব পাৰে। ইয়াৰ উপৰি কেৰাটিনৰ জৰিয়তে চুলিৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰা সম্ভৱ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|