দুতি চান্দ। ভাৰতীয় এথলেটিকছৰ এক উজ্বল নক্ষত্ৰ। ওড়িছাৰ জাজপুৰত জম্মগ্ৰহন কৰা ২৫ বছৰীয়া দুতি চান্দে ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ টকিঅ'ত চলিবলগীয়া অলিম্পিক গেমছৰ মহিলাৰ ১০০ আৰু ২০০মিটাৰত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
বিশ্ব ৰেংকিঙৰ যোগেৰে টকিঅ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে তাৰকা এথলীট দুতি চান্দে। শেহতীয়া ইন্ডিয়ান গ্ৰাপ্ৰিৰ মহিলাৰ ১০০ মিটাৰ দৌৰত দুতি চান্দে ১১.১৭ ছেকেন্ডেৰে নিজৰ বিশ্ব ৰেংকি স্থান ৪৪ লৈ উন্নীত কৰিছিল। মহিলাৰ ২০০ মিটাৰ দৌৰতো দুতিৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হল ২৩:০০ ছেকেন্ড যদিও তেওঁ নিজৰ বিশ্ব ৰেংকিং ৫১ বাবেই উক্ত ইভেন্টটোত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে দুতি চান্দে। ২০১৬ চনৰ ৰিঅ' অলিম্পিকত অংশ লোৱা দুতি চান্দে সেই সময়ত মহিলাৰ ১০০ মিটাৰ দৌৰত ১১:৬৯ ছেকেন্ডেৰে ফাইনেললৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল। দুতি চান্দে অৱশ্যে ২০১৮ চনৰ জাকাৰ্তা এছিয়ান গেমছৰ মহিলাৰ ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰিছিল।
১৯৯৬ চনৰ ৩ ফেব্ৰুৱাৰীত ওড়িছাৰ জাজপুৰ জিলাৰ চক্ৰ গোপালপুৰ গাঁৱৰ এটি দুখীয়া পৰিয়ালত জম্ম লাভ কৰা দুতি চান্দ হ'ল মহিলাৰ ১০০ মিটাৰত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চেম্পিয়ন। চক্ৰধৰ চান্দ আৰু আখোজি চান্দৰ কন্যা দুতি এতিয়া বিশ্বৰে এগৰাকী চমকপ্ৰদ খেলুৱৈ। তাৰকা খেলুৱৈ গৰাকীকলৈ যথেষ্ট আশাবাদী ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ লগতে সযগ্ৰ দেশবাসী। উল্লেখযোগ্য যে ২০১৮চনৰ জাকাৰ্তা এছিয়ান গেমছত দুটাকৈ ৰূপৰ পদকেৰে দেশৰ লগতে ওড়িছালৈ অনন্য গৌৰৱ কঢ়িয়াই অনা দুতি চান্দক ওড়িছা ৰাজ্যৰ চৰকাৰে তিনি কোটি টকাৰ পুৰস্কাৰ প্ৰদান কৰে। তাৰোপৰি ২০২০ চনতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দেশৰ ক্ৰীড়াৰ সম্মানীয় অৰ্জুন বটা লাভ কৰিছিল পৰিশ্ৰমী এথলীট দুতি চান্দে। অৰ্জুন বটাৰ লগত ট্ৰফীৰ সৈতে আছিল নগদ পাচ লাখ টকা। শেহতীয়াকৈ ওড়িছাৰ চৰকাৰে দুতি চান্দৰ নামটো দেশৰ ক্ৰীড়াৰ সৰ্বোচ্চ সম্মান "ৰাজীৱ গান্ধী খেল ৰত্ন" পুৰস্কাৰৰ বাবে মনোনীত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে।
Published by: Kokil Sarma
FIRST PUBLISHED : June 30, 2021, 18:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।