সমাগত শাৰদীয় দুৰ্গোৎসৱ। শাৰদীয় দুৰ্গোৎসৱৰ লগতে আহি আছে নৱৰাত্ৰিও। আহিন মাহৰ শুক্লা পক্ষত নৱৰাত্ৰিত ব্ৰত ৰাখিলে দেৱী দুৰ্গাই ভক্তৰ সকলো মনোকামনা পূৰণ কৰাৰ লগতে অপায়-অমংগল দূৰ কৰে বুলিও লোকবিশ্বাস আছে। নৱৰাত্ৰিত মা-দুৰ্গাৰ ৯টা ৰূপক ভক্তসকলে আৰাধনা কৰে। এইবাৰ নৱৰাত্ৰি ৭ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে উদযাপিত হ'ব। সেয়ে নৱৰাত্ৰিত মা দুৰ্গাক সন্তুষ্ট কৰিবলৈ আপুনি পূজা-অৰ্চনা কৰাৰ বাহিৰেও প্ৰতিটো দিনটো বেলেগ বেলেগ ৰং পৰিধান কৰাটো আপোনাৰ বাবে শুভদায়ক হ'ব পাৰে। কি কি এইবাৰ ৰঙে আপোনাৰ জীৱনত মা দুৰ্গাৰ কৃপাদৃষ্টি লাভ কৰাত সহায় কৰে সেই বিষয়ে জানো আহক।
প্ৰতিপদ (প্ৰথম দিন):নৱৰাত্ৰিৰ প্ৰথম দিনটো অৰ্থাৎ প্ৰতিপদ বৃহস্পতিবাৰে বা গুৰুবাৰ। সেয়ে এই দিনটোত আপুনি হালধীয়া কাপোৰ পৰিধান কৰাটো শুভদায়ক।
দ্বিতীয়া (দ্বিতীয় দিন):নৱৰাত্ৰিৰ দ্বিতীয় দিনটোত অৰ্থাৎ শুকুৰবাৰে ভক্ত সকলে মা দুৰ্গাৰ ব্ৰহ্মচাৰিণীৰ ৰূপৰ উপাসনা কৰে। এই দিনটোত আপুনি সেউজীয়া কাপোৰ পৰিধান কৰক। কাৰণ সেউজীয়া সমৃদ্ধি আৰু প্ৰকৃতিৰ প্ৰতীক।
তৃতীয়া (তৃতীয় দিন):নৱৰাত্ৰিৰ তৃতীয় দিনটো শনিবাৰ। এই দিনটোত আপুনি শুভ ফল লাভৰ বাবে ধোঁৱা বৰণৰ পোছাক পৰিধান কৰক।
চতুৰ্থী (চতুৰ্থ দিন)চতুৰ্থ অৰ্থাৎ দেওবাৰে আপুনি কমলা ৰঙৰ কাপোৰ পৰিধান কৰক। কমলা ৰঙে উষ্ণতাক বুজায়। চতুৰ্থাত কমলা ৰং পৰিধান কৰিলে মা দুৰ্গা সন্তুষ্ট হয় বুলি বিশ্বাস।
পঞ্চমী (পঞ্চম দিন):
নৱৰাত্ৰিৰ পঞ্চম দিনটোত অৰ্থাৎ আপুনি সোমবাৰে শুভ্ৰ(বগা) ৰং পৰিধান কৰক। শুভ্ৰ বৰণে সৰ্বশক্তিমান মা দুৰ্গাৰ আশিস লাভ কৰাত আপোনাক সৰ্বদা সহায় কৰে। শুভ্ৰ ৰং পৱিত্ৰতা আৰু নিষ্ঠাৰ প্ৰতীক।
ষষ্ঠী (ষষ্ঠ দিন):
নৱৰাত্ৰিৰ ষষ্ঠ দিনটোত অৰ্থাৎ মঙলবাৰে আপুনি ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰক। ৰঙা ৰঙে আপোনাৰ সুস্বাস্থ্য আৰু সাহসিকতাৰ পৰিচয় দিয়ে।
সপ্তমী (সপ্তম দিন):সপ্তমী অৰ্থাৎ বুধবাৰে আপুনি নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। নীলা ৰং পৰিধান কৰা ভক্তই সুস্বাস্থ্যৰ লগতে সমৃদ্ধি প্ৰাপ্ত কৰে।
অষ্টমী (অষ্টম দিন):নৱৰাত্ৰিৰ অষ্টমীৰ দিনা আপুনি গোলপীয়া ৰং পৰিধান কৰক। গোলপীয়া ৰঙে আপোনাৰ প্ৰতি নাৰীৰ আকৰ্ষণ বৃদ্ধি কৰে। গোলপীয়া ৰং স্নেহ আৰু দয়াৰ প্ৰতীক।
নৱমী (নৱম দিন):নৱমীৰ দিনা আপুনি বেঙুনীয়া বৰণ পৰিধান কৰিলে আপোনাৰ স্থিৰতা বৃদ্ধি পায় বুলি লোকবিশ্বাস আছে।
এই সকলো হিন্দু শাস্ত্ৰৰ লোকবিশ্বাসৰ ওপৰত আধাৰিত। অৱশ্যে ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ অথবা ভিত্তি নাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 03, 2021, 13:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।