• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Durga Puja 2021, Mahalaya : কাইলৈ মহালয়া, শাৰদীয় উৎসৱৰ বতৰা লৈ ধৰালৈ আহিব দেৱী দুৰ্গা, জানক মহালয়াৰ শুভ ক্ষণৰ সবিশেষ

Durga Puja 2021, Mahalaya : কাইলৈ মহালয়া, শাৰদীয় উৎসৱৰ বতৰা লৈ ধৰালৈ আহিব দেৱী দুৰ্গা, জানক মহালয়াৰ শুভ ক্ষণৰ সবিশেষ

Durga Puja 2021 : ১১ অক্টোবৰত ষষ্ঠী, ১২ অক্টোবৰত সপ্তমী, ১৩ অক্টোবৰত অষ্টমী, ১৪ অক্টোবৰত নৱমী আৰু ১৫ অক্টোবৰত দশমী পূজা।

Durga Puja 2021 : ১১ অক্টোবৰত ষষ্ঠী, ১২ অক্টোবৰত সপ্তমী, ১৩ অক্টোবৰত অষ্টমী, ১৪ অক্টোবৰত নৱমী আৰু ১৫ অক্টোবৰত দশমী পূজা।

Durga Puja 2021 : ১১ অক্টোবৰত ষষ্ঠী, ১২ অক্টোবৰত সপ্তমী, ১৩ অক্টোবৰত অষ্টমী, ১৪ অক্টোবৰত নৱমী আৰু ১৫ অক্টোবৰত দশমী পূজা।

  • Share this:
কাইলৈ মহালয়া। দুৰ্গা পূজা তথা শাৰদীয় উৎসৱৰ আনন্দৰ বতৰা লৈ কাইলৈ ধৰালৈ নামি আহিব দেৱী দুৰ্গা। দুষ্টক দমন কৰি দুৰ্গতসকলৰ ত্ৰাণকৰ্তা হৈ আহিব দুৰ্গতিনাশিনী। দুৰ্গা পূজাক লৈ ইতিমধ্যে আৰম্ভ হৈ গৈছে ব্যাপক প্ৰস্তুতি। পূজাৰ মণ্ডপ সজাৰ পৰা বজাৰত গ্ৰাহক-ব্যৱসায়ীৰ এইকেইদিন ব্যস্ততাৰ শেষনাই। মৃণ্ময় শিল্পীসকলো ব্যস্ত প্ৰতিমাত অন্তিম পৰশ দিয়াত।

বুধবাৰে পুৱা ৪ বাজি ৩৫ মিনিটৰ পৰাই আৰম্ভ হ'ব মহালয়াৰ শুভক্ষণ। মহালয়ৰ দিনৰ পৰাই পিতৃ পক্ষৰ অন্ত পৰি শুভ আৰম্ভ হয় দেবী পক্ষ বা মাতৃ পক্ষৰ।

এই শুভ ক্ষণতে পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰা হয়। পৰলোকগামী হোৱা পূৰ্ব পুৰুষৰ আত্মাৰ শান্তিৰ কামনা কৰি কৰা হ. তৰ্পণ। যিসকলে পূৰ্বপুৰুষৰ বছৰেকীয়া শ্ৰাদ্ধ াদি কৰিব নোৱাৰে তেওঁলোকৰ বাবে মহালয়াৰ তৰ্পণ হৈছে অতিকে গুৰুত্বপূৰ্ণ অনুষ্ঠান।  পিতৃপক্ষত জলদান কৰিলে বাধা-বিঘিনি নাশ হয়, শান্তি আহে আৰু শ্ৰী বৃদ্ধি হয় বুলি বিশ্বাস হয়।

চণ্ডীপাঠ, মহালয়াৰ ঘট স্থাপন আৰু পূজাৰ জড়িয়তেই  অনুষ্ঠিত হয় মহালয়া। মহালয়া মানেই দুর্গাপূজাৰ কাউণ্টডাউন আৰম্ভ হৈ যায়। মহালয়াৰ দিনাই মৰ্তবাসীৰ আহ্বানত দেৱী দুৰ্গা মৰ্তলৈ নামি আহিছিল। মহালয়াৰ দিনাৰ পৰাই আৰম্ভ হৈছিল মহিষাসুৰ বধ পৰ্ব।

১১ অক্টোবৰত ষষ্ঠীৰ পূজাৰ পৰা আৰম্ভ হ'ব দুৰ্গা পূজা। সোমবাৰে বোধনৰে পৰা আৰম্ভ হ'ব দুৰ্গা পূজা। ১২ অক্টোবৰত সপ্তমী, ১৩ অক্টোবৰত অষ্টমী, ১৪ অক্টোবৰত নৱমী আৰু ১৫ অক্টোবৰত দশমী পূজা।
Published by:Manjumoni Borah
First published: