আজি ষষ্ঠী। এইবাৰ পূজাত নাই আগৰ দৰে উচাহ। তাৰ মাজতে পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰা হৈছে দুৰ্গা পূজা। এই সময়তে অহা শুকুৰবাৰে কন্যা ৰাশিত প্ৰৱেশ কৰিব শুক্ৰগ্ৰহ। আৰু ১৭ নৱেম্বৰলৈকে থাকিব কন্যা ৰাশিতে।
মেঘ ৰাশি- এই সময়ছোৱাত বৃত্তিমূলক যিকোনো কামত নিষ্ঠাৰে লাভৱান হ’ব পাৰিব। শৰীৰ সুস্থ নাথাকিলেও শীঘ্ৰে সুস্থ হৈ উঠিব।
বৃষ- এই সময়ছোৱা বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবে শিল্পকলাৰ যুগ। কোনো কামত মতভেদ সৃষ্টি হ’লেও ধৰ্য ধৰিব লাগিব। এই ৰাশিৰ জাতক-জাতিকাৰ সমাজত মান-সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনকি সন্তান লাভৰ লগতে ধন লাভৰো সুযোগ আছে।
মিথুন- মিথুন ৰাশিৰ জাতক-জাতিকা এই সময়ছোৱাত অত্যন্ত সুখী হ’ব। কৰ্মক্ষেত্ৰত লাভ কৰিব সুফল। ঘৰলৈ আহিব নতুন বাহন, হাতলৈ ধন অহাৰ যুগ। বিদ্যাৰ লগত বুদ্ধি বৃত্তিত শুভ এই সময়ছোৱা। কিন্তু কিছু দুৰ্ভাৱনাই হঠাত্ মন বিক্ষিপ্ত কৰিব।
কৰ্কট- ধৰ্মীয় নিষ্ঠা। বহুক্ষেত্ৰত সন্মান লাভৰ যুগ। নতুন সম্পতি অহাৰ সম্ভাৱনা আছে।
সিংহ- শৰীৰৰ ভালে ৰখাৰ বাবে দিব লাগিব গুৰুত্ব। আৰ্থিক ভাবেও বৰ বিশেষ লাভদায়ক নহয়।
কন্যা- এই কেইদিন এই ৰাশিৰ জাতক-জাতিকাৰ বাবেও অত্যন্ত শুভ বুলি চিহ্নিত হৈছে। কৰ্মক্ষেত্ৰত সুফল লাভ। কেৰিয়াৰ গঢ়াৰ উপযুক্ত সময়। ব্যৱসায়ীসকলৰ বাবে উন্নতিৰ সময়। লগতে ধনলাভৰ আশা আছে। লগতে সকলো ক্ষেত্ৰতে লাভ কৰিব পৰিয়ালৰ সহায়-সহযোগিতা।
তুলা- ধৰ্মীয় কৰ্মত ঐকান্তিকতা। শৰীৰ ভালে ৰখাত গুৰুত্ব দিব লাগিব। অৰ্থ ব্যয়।
বৃশ্চিক- শুভ সংবাদ লাভ। হ্ৰাস পাব শত্ৰুৰ সংখ্যা। নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে শুভসময়। ধন লাভৰ লগতে অন্যান্য ক্ষেত্ৰতো লাভ কৰিব সুফল। জীৱনলৈ আহিব ধনাত্মক পৰিৱৰ্তন।
ধনু- মন অস্থিৰ। দাম্পত্য জীৱনত জটিলতা বাঢ়িব।
মকৰ- শুভ বাৰ্তা লাভৰ সম্ভাৱনা। অত্যাধিক ব্যয়ৰ সম্ভাৱনা।
কুম্ভ- ঘৰুৱা কামত নিজৰ স্থিতি উন্নত থাকিব। আনৰ প্ৰতিশ্ৰুতি মতে কাম নকৰিব।
মীন- শৰীৰ ভালে যাব। সন্তানৰ শৰীৰৰ মাধ্যম।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 22, 2020, 14:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।