உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ক’ভিডৰ বাবে বাতিল অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ‘অভিৰুচি ক্ৰীড়া দিৱস’ৰ সমূহীয়া দৌৰ 

    ক’ভিডৰ বাবে বাতিল অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ‘অভিৰুচি ক্ৰীড়া দিৱস’ৰ সমূহীয়া দৌৰ 

    এইবাৰৰ ৩ ছেপ্তেম্বৰৰ দিনটোত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন বাবেই সেই দিনা তেখেতৰ নামত এটা কেক কাটিব আয়োজক অভিৰুচি গোষ্ঠীয়ে।

    • Share this:
    প্ৰথমবাৰলৈ ৩ ছেপ্তেম্বৰৰ অভিৰুচি ক্ৰীড়া দিৱসলৈ আহিল বাধা। ক’ভিড ১৯ ৰ বাবে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্তেম্বৰৰ জন্মদিন অভিৰুচি ক্ৰীড়া দিৱসৰ মূল কাৰ্য্যসূচী সমূহীয়া দৌৰ বাতিল হ’ল।

    অসমৰ ক্ৰীড়াৰ অগ্ৰণী অনুষ্ঠান অভিৰুচি গোষ্ঠীৰ উদ্যোগত ১৯৮৩ চনৰ ৩ ছেপ্তেম্বৰৰ পৰা চলি অহা অভিৰুচি ক্ৰীড়া দিৱসৰ এইবাৰ ৩৭ সংখ্যকৰ কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত লৈছে আয়োজক সকলে। এইবাৰৰ ৩ ছেপ্তেম্বৰৰ দিনটোত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন বাবেই সেই দিনা তেখেতৰ নামত এটা কেক কাটিব আয়োজক অভিৰুচি গোষ্ঠীয়ে।

    এই কথা নিউজ18 ক জনালে অভিৰুচি গোষ্ঠীৰ স্বত্বাধিকাৰী বিশিষ্ট ক্ৰীড়া সাংবাদিক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে। বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে লগতে জনাই যে ক'ৰোনা ভাইৰাছৰ পিছত পৰিস্থিতি স্বাভাৱিক হলেই প্ৰতিবছৰে চলি অহা আভিৰুচি দিৱসৰ আন্ত: শিক্ষানুষ্ঠান কুইজ আৰু নৃত্য প্ৰতিযোগিতা সমুহ অনুষ্ঠিত হ’ব।

    উল্লেখযোগ্য যে ১৯৮৩ চনৰ পৰাই প্ৰতিবছৰে দেশৰ এগৰাকী তাৰকা খেলুৱৈয়ে ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্তেম্বৰৰ জম্ম দিন অভিৰুচি দিৱসৰ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশ লয়।
    First published: