এই ভিডিওটো চোৱাৰ পিছত হাঁহি ৰখাব নোৱাৰিলে নেটিজেনে। ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ভিডিওটো।
এই ভিডিওটো চোৱাৰ পিছত হাঁহি ৰখাব নোৱাৰিলে নেটিজেনে। ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ভিডিওটো।
হোলি ৰঙৰ উৎসৱ। হোলিৰ দিনটোত, সকলোৱে প্ৰিয়জনৰ গালত ৰং সানি দিনটো আৰম্ভ কৰে। আকৌ এই ৰঙৰ খেলত কেৱল আবিৰ ব্যৱহাৰ কৰা নহয়। বহুতো ৰাসায়নিক ৰঙো একাংশই ব্যৱহাৰ কৰে।সেইদৰে হোলিৰ দিনটোত বহুতকে সুৰাপান কৰাও দেখিবলৈ পোৱা যায়। সুৰাপান কৰি নানা ধৰণৰ আচৰিত কৰ্ম-কাণ্ডত লিপ্ত হৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে।
হোলি মানেই যেন ভাইৰেল ভিডিও। এই মুহূৰ্তত এনে এটা ৰসিকতাপূৰ্ণ ভিডিও সমুখলৈ আহিছে যি দেখি হাঁহি ৰখাব পৰা নাই নেটিজেন। বহুলোকে ইতিমধ্যে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে।
এই ভিডিঅ'টোত দেখা গৈছে যে এজন ব্যক্তিয়ে পুৱা হোলি খেলিলে। আৰু কিছুসময়ৰ পিছতে সুৰাপান কৰে। পিছত তেওঁ কোৱা কথা শুনিলে হাঁহি ৰখাব নোৱাৰিব। তেওঁ কৈছে, "আজি আজাদীৰ দিন। ৰক্ষা বন্ধনৰ আজিৰ দিনটোতে আমি সকলোৱে ঘৰত চাকি জ্বলাব লাগিব। আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে ৰাৱণক হত্যা কৰে আৰু মহাভাৰতৰ যুদ্ধত জয়লাভ কৰে আৰু আমেৰিকাক স্বাধীন কৰে। "
এই ভিডিওটো চোৱাৰ পিছত হাঁহি ৰখাব নোৱাৰিলে নেটিজেনে। ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ভিডিওটো।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|