মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »শ্বহীদ নিৰোদ শৰ্মাৰ নামত হ’ব ৩ কিঃমিঃ পথ

শ্বহীদ নিৰোদ শৰ্মাৰ নামত হ’ব ৩ কিঃমিঃ পথ

শুক্ৰবাৰে শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত উপস্থিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা

শুক্ৰবাৰে শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত উপস্থিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা

শুক্ৰবাৰে শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত উপস্থিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা

  • Share this:
    বীৰ শ্বহীদ নিৰোদ শৰ্মাৰ নলবাৰীৰ দহকাউনীয়াস্থিত নিজৰ বাসগৃহত এতিয়া শোকাকুল পৰিবেশে বিৰাজ কৰিছে। পিতৃ হেৰুৱাৰ বেদনাত এতিয়া স্তব্ধ হৈ পৰিছে শ্বহীদ নিৰোদ কলিতাৰ দুই কন্যা দীক্ষিতা আৰু হিমাংগী। উচুপি উঠিছে পত্নী জোনালী দেৱীও। তেনে এক শোকাকুল পৰিবেশৰ মাজতে বীৰ শ্বহীদ জোৱান জনৰ ঘৰত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শ্বহীদ নিৰোদ কলিতাক স্মৰণ কৰি তেওঁৰ নামত ৩ কিঃমিঃ পথ নামাকৰণ কৰিবলৈ নৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। নিৰোদ শৰ্মাৰ নামত নামাকৰণৰ হ’বলগীয়া KBS পথৰ পৰা টিহু-বৰমা পথলৈ তিনি কিলোমিটাৰ পথ তিনি মাহৰ ভিতৰত সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে ৰাজ্যৰ গড়কপ্তানী মন্ত্ৰীগৰাকীয়ে। লগতে শ্বহীদ পৰিয়ালক সকলো সহযোগিতাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।



    উল্লেখযোগ্য যে জম্মু-কাশ্মীৰৰ অনন্তনাগত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল অসম বীৰ–পুত্ৰজন।

    শেহতীয়া বাতৰি