বন্ধ হৈ যোৱা বেংক একাউণ্টৰ পৰাও উলিয়াব পাৰিব পইচা, জানক ইয়াৰ নিয়ম আৰু পদ্ধতি

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে, যদি কোনো গ্ৰাহকে নিজৰ বেংক একাউণ্টত ১০ বছৰ ধৰি কোনো লেনদেন নকৰে তেন্তে সেই একাউণ্টত জমা থকা ধনৰাশি আনক্লেইমড হৈ যায়।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে, যদি কোনো গ্ৰাহকে নিজৰ বেংক একাউণ্টত ১০ বছৰ ধৰি কোনো লেনদেন নকৰে তেন্তে সেই একাউণ্টত জমা থকা ধনৰাশি আনক্লেইমড হৈ যায়।
- News18 Assam
- Last Updated: January 11, 2021, 1:30 PM IST
বেংকসমূহৰ ওচৰত এইধৰণৰ একাউণ্টৰ আনক্লেইম্ড টকা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে, যদি কোনো গ্ৰাহকে নিজৰ বেংক একাউণ্টত ১০ বছৰ ধৰি কোনো লেনদেন নকৰে তেন্তে সেই একাউণ্টত জমা থকা ধনৰাশি আনক্লেইমড হৈ যায়। এই ধৰণৰ ধন আৰবিআইৰ ডিপ’জিটৰ এডুকেচন এণ্ড এৱাৰনেছ ফাণ্ডত প্ৰতিমাহে স্থানান্তৰ কৰা হয়।
নিয়ম অনুসৰি, প্ৰতিটো বেংকে নিজৰ ৱেবছাইটত আনক্লেইমড ধনৰ হিচাপ দিব লাগে। বেংকৰ ৱেবছাইটত গৈ নিজৰ নিষ্ক্ৰিয় একাউণ্টৰ বিষয়ে জানিব পাৰি। ইয়াৰ বাবে জন্মৰ তাৰিখ, নাম, পেন নম্বৰ, পাছপ’ৰ্ট নম্বৰ, পিনকোড আৰু টেলিফোন নম্বৰ আদিৰ সহায়ত ছাৰ্চ কৰিব পাৰে।
ইয়াৰ বাবে অতি সহজ প্ৰক্ৰিয়া আছে। আপুনি সম্বন্ধিত বেংকৰ শাখালৈ এখন মেইল প্ৰেৰণ কৰিব লাগিব। এই মেইলত আপুনি বেংকক অনুৰোধ কৰিব লাগিব যে আপোনাৰ নিষ্ক্ৰিয় বেংক একাউণ্ট ৰিএক্টিভ কৰিব লাগে। ইয়াৰ বাবে আপুনি পৰিচয় পত্ৰ, ঠিকনা আদি প্ৰমাণ দিব লাগিব। আপুনি আবেদন কৰাৰ কিছুদিন পিছতে বেংকে আপোনাৰ একাউণ্ট ৰিএক্টিভ কৰি দিব।
অৱশ্যে বৰ্তমান চাইবাৰ ক্ৰাইমৰ বৰ্ধিত ঘটনালৈ চাই কেইবাটাও বেংকে কেৱাইচি আপডেট কৰিবলৈ মানা কৰিব পাৰে। এই পৰিস্থিতি বেংকে বিচাৰে যে একাউণ্টৰ গৰাকীয়ে নিজেই বেংকৰ শাখালৈ গৈ নিজৰ নিষ্ক্ৰিয় একাউণ্ট এক্টিভেট কৰাওক। বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে নিজৰ অঞ্চলৰ ব্ৰাঞ্চলৈ যাব লাগিব। যদি কোনো একাউণ্টৰ গৰাকীয়ে আন ঠাইত থাকে তেন্তে তেওঁ নিজৰ স্থানতে থকা শাখালৈ গৈ কেৱাইচি আপডেট কৰিব পাৰে।