• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • মাইগ্ৰেনৰ যন্ত্ৰণাত ভুগিছে নেকি? ঘৰুৱা উপায়েৰে লাভ কৰক সমাধান

মাইগ্ৰেনৰ যন্ত্ৰণাত ভুগিছে নেকি? ঘৰুৱা উপায়েৰে লাভ কৰক সমাধান

২০১৯ চনৰ এক সমীক্ষাৰ ফলাফল অনুসৰি সমগ্ৰ ভাৰততে প্ৰায় ২১.৩ কোটি লোকে তীব্ৰ মাইগ্ৰেইন বিষত ভুগিছে।

২০১৯ চনৰ এক সমীক্ষাৰ ফলাফল অনুসৰি সমগ্ৰ ভাৰততে প্ৰায় ২১.৩ কোটি লোকে তীব্ৰ মাইগ্ৰেইন বিষত ভুগিছে।

২০১৯ চনৰ এক সমীক্ষাৰ ফলাফল অনুসৰি সমগ্ৰ ভাৰততে প্ৰায় ২১.৩ কোটি লোকে তীব্ৰ মাইগ্ৰেইন বিষত ভুগিছে।

  • Share this:
বহু লোক গুৰুতৰ মাইগ্ৰেইনত আক্ৰান্ত হয়। আজিৰ ব্যস্ত আৰু মানসিক চাপৰ জীৱনত এই সমস্যা বাঢ়ি গৈ আছে। ২০১৯ চনৰ এক সমীক্ষাৰ ফলাফল অনুসৰি সমগ্ৰ ভাৰততে প্ৰায় ২১.৩ কোটি লোকে তীব্ৰ মাইগ্ৰেইন বিষত ভুগিছে। কিন্তু আয়ুৰ্বেদ বিশেষজ্ঞসকলে কয় যে ঔষধৰ বাহিৰেও আপোনাৰ পাকঘৰত সহজে উপলব্ধ বস্তুবোৰে আপোনাক মাইগ্ৰেইনৰ পৰা সকাহ দিব পাৰে।

আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ ভৱসাৰে এই অসহ্য মাইগ্ৰেইনৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় ব্যাখ্যা কৰি উপদেশ দিয়ে, “মাইগ্ৰেইনৰ বাবে এটাৰ পিছত এটাকৈ ঔষধ খোৱা বন্ধ কৰক আৰু আপোনাৰ পাকঘৰত থকা এই আয়ুৰ্বেদিক মাইগ্ৰেইনৰ ঔষধ ব্যৱহাৰ কৰক।”

ঘৰুৱা ঔষধে মাইগ্ৰেইনৰ পৰা উপশম দিব পাৰেঃ

আয়ুৰ্বেদৰ মতে মাইগ্ৰেইন সমস্যাৰ মূল কাৰণ হ’ল আমাৰ শৰীৰত বাতবিষ আৰু পিত্তৰ ভাৰসাম্যহীনতা। ৰাতি ১০-১৫ টা মান কিচমিচ পানীত তিয়াই ৰাতিপুৱা খাব লাগে বুলি ডাঃ ভৱসৰে কয়। ১২ সপ্তাহ তিয়াই থোৱা কিচমিচ খালে শৰীৰৰ বায়ু-দোষ, পিত্ত দোষ কমি যায়। ফলত মাইগ্ৰেইনৰো সমস্যা কমি যাব। আইৰণ, পটাছিয়ামত সমৃদ্ধ, কিচমিচ মাইগ্ৰেইন, মূৰৰ বিষৰ লগতে এচিডিটিৰ পৰাও নিয়ন্ত্ৰণ কৰে।

জিৰা আৰু ইলাচী চাহ দুপৰীয়া বা ৰাতি খোৱাৰ ১ ঘণ্টা পিছত এই চাহ খাব লাগে। ইয়াক বনাবলৈও অতি সহজ এচামুচ জিৰা আৰু এটা ইলাচী আধা গিলাচ পানীত তিনি মিনিট উতলাই লব। ব্যাস হৈছে আপোনাৰ মাইগ্ৰেইন প্ৰতিৰোধী চাহ। এই বনৌষধি চাহে মূৰৰ বিষ, মানসিক চাপৰ পৰা অবিশ্বাস্য সকাহ দিয়ে ৰাতি শোৱাৰ আগতে একাপ জিৰা আৰু ইলাচী চাহ খালে মূৰৰ বিষৰ পৰা উপশম পোৱাৰ লগতে ৰাতি ভাল টোপনি আহিব।

আয়ুৰ্বেদ অনুসৰি বিশুদ্ধ ঘিউয়ে মাইগ্ৰেইনৰ পৰা উপশম দিব। "দেহ আৰু মনত অতিৰিক্ত পিত্তৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ গৰুৰ ঘিউতকৈ ভাল কাম একোৱেই নকৰে।" চাউল বা ৰুটিত এচামুচ ঘিউ মিহলাই খালে মাইগ্ৰেইনৰ সমস্যা কমকৈ হয় বুলিও ডাঃ ভৱসৰে পৰামৰ্শ দিয়ে।

যদি আপুনি ঘৰুৱা ঔষধৰ পৰা সাময়িকভাৱে সকাহ পায় তথাপিও মাইগ্ৰেইন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি