চকলেট খাবলৈ ভাল পোৱা লোকৰ কোনো বয়স নাথাকে। কিন্তু চকলেট বেছিকৈ খাই শিশুসকলে। দেখা যায় যে, শিশুসকলে আমনি কৰিলেই পিতৃ-মাতৃয়ে হাতত গুজি দিয়ে চকলেট। পিতৃ-মাতৃয়ে দিয়া এই লোভ পিছলৈ শিশুৰ অভ্যাস হৈ পৰে। শিশুসকলে প্ৰায়েই চকলেট দাবী কৰিবলৈ ধৰে, পুষ্টিকৰ খাদ্যৰ পৰা আঁতৰি যায় আৰু চকলেট অথবা ইয়াৰ পৰা তৈয়াৰ কৰা খাদ্যৰ প্ৰতি আসক্ত হৈ পৰে।
পেষ্ট্ৰী, চকলেট বিস্কুট, কুকিজ, কেক, চকলেট শ্বেকৰ দৰে বস্তু খাবলৈ আগ্ৰহী হৈ পৰে। কিন্তু আপুনি জানেনে সৰু ল'ৰা-ছোৱালীয়ে অত্যধিক চকলেট খোৱাটো কিমান ক্ষতিকাৰক হ'ব পাৰে? অ'নলি মাই হেল্থত প্ৰকাশিত এক প্ৰতিবেদনত ডায়েটিছিয়ান ড০ স্মিতা সিঙে এই বিষয়ে বৰ্ণনা কৰিছে।
এই প্ৰতিবেদন অনুসৰি, যিসকল শিশুৰ পেট সঠিকভাৱে নভৰে তেনে শিশুৱে চকলেট খাই ভাল পায়। কিয়নো চকলেট হৈছে শক্তিৰ মুখ্য উৎস। খোৱাৰ লগে লগে শৰীৰক শক্তি প্ৰদান কৰে। আনহাতে কিছুমান শিশুৱে চকলেট ভাল পায় কাৰণ তেওঁলোকে ইয়াৰ মিঠা সোৱাদটো ভাল পায়। আনহাতে আন কিছুমান শিশুৱে চকলেট খোৱাৰ প্ৰতি আসক্ত হৈ পৰে।
জানি লওক চকলেটৰ ৫টা বেয়াগুণঃ
- দাঁত ক্ষয় হোৱাৰ আশংকা
কম বয়সতে অত্যধিক চকলেট খালে প্ৰথমে দাঁতত cavity হ'ব পাৰে।বহুতো অভিভাৱকে শিশুসকলক খোৱাৰ পিছত মুখৰ পৰিচ্ছন্নতাৰ যত্ন নলয়, যাৰ ফলত তেওঁলোকৰ দাঁতত অত্যধিক মিঠাই খোৱাৰ ফলত cavity হোৱাৰ আশংকা থাকে।
টোপনিত অসুবিধাঃ
যদি চকলেটত কেফেইন (caffeine) অধিক থাকে তেন্তে সৰু শিশুৰ টোপনিৰ সমস্যা (Sleep issues) হ'ব পাৰে। নিশাৰ সময়ত শিশুৱে নানা সমস্যাত ভূগিব পাৰে। সেয়েহে ৰাতি সৰু ল'ৰা-ছোৱালীৰ বাবে চকলেট পৰিহাৰ কৰিব লাগে।
এচিডিটি হ'ব পাৰেঃ
যদি শিশুৱে অধিক চকলেট খায় সিহঁতৰ এচিডিটি (Acidity) বা পেটৰ বিষ হ'ব পাৰে। চকলেট পেটৰ বাবে গধুৰ খাাদ্য, সেয়েহে চকলেট খোৱাৰ পিছত শৰীৰত এচিডিটি বা পেটৰ বিষ হ'ব পাৰে। এনে পৰিস্থিতিত, শিশুৱে যিমান পাৰে সিমান পানী খাব লাগে।
মেদবহুলতাঃ
অত্যধিক চকলেট খোৱাটো স্বাস্থ্যৰ বাবে বিপদজনক। যদি আপুনি শিশুটিক চকলেট খুৱাই আছে তেন্তে ইয়াৰ ফলত শিশুটিৰ ওজন বৃদ্ধি আৰু মেদবহুলতা (Obesity) হ'ব পাৰে। মেদবহুলতাৰ উপৰি, শিশুৰ বুকুজ্বলা, পেটত বিষ, ওকালি অহা আদি সমস্যা থাকিব পাৰে।
ছুগাৰ লেভেল বৃদ্ধি হ'ব পাৰেঃ
চকলেট খোৱাৰ ফলত শিশুৰ শৰীৰত ৰক্ত শৰ্কৰা (Blood Glucose) বৃদ্ধি হ'ব পাৰে। ইয়াৰ ফলত কম বয়সতে শিশুৰ মেদবহুলতাৰ (Obesity) লক্ষণ দেখা দিয়ে, যাৰ ফলত থাইৰইড (thyroid) আৰু ডায়েবেটিচ (diabetes)ৰ লক্ষণ দেখা দিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|