পশ্চিম বংগত ৯৮ জন চিকিৎসকৰ পদত্যাগ, চিকিৎসালয় এৰি ৰাজপথত চিকিৎসক!

News18-Assam
Updated:June 14, 2019, 2:04 PM IST
পশ্চিম বংগত ৯৮ জন চিকিৎসকৰ পদত্যাগ, চিকিৎসালয় এৰি ৰাজপথত চিকিৎসক!
কলিকতাত চিকিৎসকক প্ৰহাৰ কৰা ঘটনাৰ পিছত এতিয়া জাঙুৰ খাই উঠিছে সমগ্ৰ দেশৰ চিকিৎসক! ৰাজপথত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ

কলিকতাত চিকিৎসকক প্ৰহাৰ কৰা ঘটনাৰ পিছত এতিয়া জাঙুৰ খাই উঠিছে সমগ্ৰ দেশৰ চিকিৎসক! ৰাজপথত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ

  • Share this:
১১ জুনত কলকতাৰ এখন চিকিৎসালয়ত চিকিৎসকৰ ভুলৰ বাবে এজন ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগত একাংশ দুস্কৃতিকাৰীয়ে গুৰুতৰ ভাবে প্ৰহাৰ কৰে চিকিৎসালয়খনৰ তিনিজন চিকিৎসকক। ঘটনাত গুৰুতৰ ভাবে আহত হৈ এতিয়া জীৱন মৃত্যুৰে যুজিছে তিনিওজন চিকিৎসকে।



ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত থকাৰ সময়তে এইবাৰ ৰাজপথলৈ উলাই আহিছে সমগ্ৰ দেশৰ চিকিৎসক সকল। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ চিকিৎসকসকলে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে চৰকাৰৰ ওচৰত। ইফালে চিকিৎসকৰ ওপৰত চলা এই আক্ৰমণৰ পিছতে সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰিছে চিকিৎসকসকলে।



পশ্চিমবংগত ঘটনাক কেন্দ্ৰ কৰি এতিয়া ধৰ্ণাত বহিছে চিকিৎসকসকল। যিকোনো প্ৰকাৰে দোষীক কঠোৰ শাস্তি প্ৰদানৰ লগতে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এতিয়া দাবী জনাইছে পশ্চিম বংগৰ চৰকাৰৰ আগত।



চিকিৎসক সকলৰ প্ৰতিবাদৰ ফলত এতিয়া চিকিৎসালয় সমূহত সৃষ্টি হৈছে অচলাৱস্থা।  ফলত চিকিৎসালয় সমূহত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চিকিৎসকলক নিজৰ নিজৰ কৰ্তব্যলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে যদিও চিকিৎসকসকলে সেই নিৰ্দেশ মানি ল’বলৈ অস্বীকাৰ কৰে।  ঘটনাৰ প্ৰতিবাদত একেলগে ৯৮ গৰাকী চিকিৎসকে চাকৰিৰ পৰা পদত্যাগ কৰি তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী কৰিলে চৰকাৰৰ আগত।



আনহাতে কলকতাৰ চিকিৎসকৰ প্ৰতিবাদৰ পিছতে শুকুৰবাৰে অন্যান্য ৰাজ্যসমূহৰ চিকিৎসকলেও নিজৰ সুৰক্ষাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল। কেৰালাৰ ত্ৰিবান্দ্ৰপুৰমত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ সদস্য চিকিৎসকসকলে হাতত প্লে’ কাৰ্ড, বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে উক্ত ঘটনাৰ বিৰুদ্ধে।

First published: June 14, 2019, 1:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading