মুম্বাইঃ ৰিলায়েন্স ৰিটেইলে তেওঁলোকৰ ই–কমাৰ্চ প্লেটফ’ৰ্ম JioMart-ত পেকেজড খাদ্য, লাগতীয়াল সামগ্ৰী তথা এফএমচিজি সামগ্ৰীসমূহ পোণপটীয়াকৈ বিক্ৰীৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পৰিৱৰ্তে কোম্পানীটোৱে ফ্ৰেঞ্চাইজি হিচাপে খুচুৰা দোকানসমূহক সংযুক্ত কৰিবলৈ গৈ আছে । আশে–পাশে থকা গ্ৰাহকসমূহৰ ওচৰত এই সামগ্ৰীসমূহ বিক্ৰী কৰিব ফ্ৰেঞ্চাইজিয়ে। কোম্পানীৰ ফালৰ পৰা কোৱা হৈছে, এই কৌশলগত পৰিৱৰ্তনে ৰিলায়েন্সক একে ধৰণৰ অন্যান্য ডাঙৰ ই–কমাৰ্চ প্লেটফ’ৰ্ম অৰ্থাৎ বিগবাস্কেট, আমাজন তথা গ্ৰ’ফাৰ্চৰ পৰা স্বতন্ত্ৰ কৰিব।
খুচুৰা দোকানে কিন্তু ৰিলায়েন্সেৰ বাহিৰেও আন কোনো উৎসৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰে। খোলা আছে সেই পথো। জনাইছে সংস্থাৰ দুই শীৰ্ষ বিষয়াই। ৰিলায়েন্সে অৱশ্যে ফল তথা শাক–পাচলিৰ দৰে সামগ্ৰী যি কম সময় সংৰক্ষণ কৰিব পৰা যায় তাৰ বিক্ৰী অব্যাহত ৰাখিব।
ৰিলায়েন্সে সিদ্ধান্ত লৈছে যে তেওঁলোকৰ বি টু বি কেচ এণ্ড কেৰি যি ঠাইসমূহত ইতিমধ্যেই আছে তাক খুচুৰা সামগ্ৰী যোগান সংস্থা হিচাপে গঢ়ি তোলা হ’ব। আশে–পাশে দোকানসমূহৰ পৰা অনলাইন অৰ্ডাৰ দিলে এতিয়াৰ পৰাই ডেলিভাৰী যাব তেওঁলোকৰ দোকানলৈ।
বৰ্তমান প্ৰথম ষান্মাসিকত জিঅ’মাৰ্টে এতিয়া ৩০খন চহৰৰ ৫৬হাজাৰ খুচুৰা দোকানক চুক্তিৰ অধীনলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। লগতে নতুনকৈ ১০০খন চহৰত সাধাৰণ দোকানসমূহক খুচুৰা ষ্ট’ৰলৈ পৰিণ কৰাৰ লক্ষ্যৰে কাম আৰম্ভ হ’ব এপ্ৰিলৰ পৰা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|