মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »খোৱাৰ আগত নে পিছত? দৈ খোৱাৰ সঠিক সময় কোনটো জানেনে?

খোৱাৰ আগত নে পিছত? দৈ খোৱাৰ সঠিক সময় কোনটো জানেনে?

দৈত একাধিক পুষ্টিকৰ উপাদান থাকে।

দৈত একাধিক পুষ্টিকৰ উপাদান থাকে।

দৈত একাধিক পুষ্টিকৰ উপাদান থাকে। ৰাইবোফ্লেভিন, ভিটামিন এ, ভিটামিন বি ৬, ভিটামিন বি ১২ আৰু পেণ্টোথেনিক এচিডৰ এক শক্তিশালী ভাণ্ডাৰ দৈ।

  • Share this:
বিশুদ্ধ দুগ্ধজাত সামগ্ৰীত বহু উপকাৰিতা আছে। অৱশ্যে দৈক লৈও কম বিভ্ৰান্তি নাই। কেতিয়া খাব লাগে, যিকোনো খাদ্যৰ লগত দৈ খালে স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনীয়তা হ’ব পাৰে নেকি সেই বিষয়ে বহু কথাই চৰ্চিত হয়। ইয়াৰে বেছিভাগৰে কোনো ভিত্তি নাই। কিন্তু কিছুমান কথা মনত ৰাখিব লাগিব। আহকচোন সেইবোৰলৈ এবাৰ চকু ফুৰাওঁ।

দৈত একাধিক পুষ্টিকৰ উপাদান থাকে। ৰাইবোফ্লেভিন, ভিটামিন এ, ভিটামিন বি ৬, ভিটামিন বি ১২ আৰু পেণ্টোথেনিক এচিডৰ এক শক্তিশালী ভাণ্ডাৰ দৈ। দৈত লেক্টিক এচিডো থাকে যিয়ে পুষ্টিকৰ পদাৰ্থ শোষণত সহায় কৰে।

দৈনিক দৈ খোৱাৰ উপকাৰিতাঃ দৈ শীতল প্ৰকৃতিৰ। দৈয়ে শৰীৰ শীতল কৰি ৰাখে। গতিকে দৈনিক খাদ্যত দৈ অন্তৰ্ভুক্ত কৰাটো বাঞ্ছনীয়। বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে, খাদ্যৰ পৰা পুষ্টিকৰ পদাৰ্থ শোষণ উন্নত কৰে, আৰু হাড়ৰ স্বাস্থ্য শক্তিশালী কৰে। শীতল প্ৰকৃতিৰ সত্ত্বেও দৈ বছৰজুৰি খোৱাৰ মূল কাৰণ হ’ল আন্ত্ৰিক স্বাস্থ্য, হজম, প্ৰদাহ আৰু মেদবহুলতা হ্ৰাস কৰা স্বাস্থ্যকৰ প্ৰ’বায়’টিক আৰু প্ৰিবায়’টিকৰ উপস্থিতি।

গৱেষণাই কি কয়ঃ কেতিয়া দৈ খাব লাগে? শেহতীয়াকৈ উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই বিষয়ে এক অধ্যয়ন চলাইছে। দেখা গৈছে যে খাদ্যৰ লগত বা শেষত দৈ খোৱাৰ পৰিৱৰ্তে খাদ্য খোৱাৰ আগতে দৈ সেৱন কৰিলেই সৰ্বোত্তম উপকাৰ পোৱা যায়। দেখা গৈছে যে খাদ্য খোৱাৰ আগতে দৈ সেৱন কৰা মহিলাসকলৰ প্ৰদাহজনিত অন্ত্ৰৰ ৰোগ কম। ই হজম শক্তিও উন্নত কৰে।

শীতকালত দৈঃ দৈ ঠাণ্ডা প্ৰকৃতিৰ যদিও শীতকালত সেৱন কৰিব পাৰি। মাত্ৰ মৌৰ সৈতে দৈ মিহলাই লওক, আৰু ক’লা জলকীয়া বা পোৰা জিৰাৰ গুড়িৰ দৰে মছলা মিহলাই লওক। তেতিয়া আৰু চৰ্দি ধৰাৰ ভয় নাথাকিব। দৈয়ে শীতকালত শক্তিৰ ভাৰসাম্য ৰক্ষা কৰে। শৰীৰত শ্লেষ্মা গঠন হ্ৰাস কৰে। হজম শক্তি উন্নত কৰে আৰু কোষ্ঠকাঠিন্য নিৰাময় কৰে। কিন্তু মেদবহুলতা আৰু ৰক্তক্ষৰণৰ বিসংগতিৰ ক্ষেত্ৰত দৈ পৰিহাৰ কৰাটো ভাল।

শেহতীয়া বাতৰি