এক বটল হুইস্কীৰ মূল্যত আপুনি ক্ৰয় কৰিব পাৰিব এটা ফ্লেট! শীঘ্ৰেই নিলাম কৰা হ'ব পৃথিৱীৰ আটাইতকৈ পুৰণি সুৰাৰ বটল!

News18 Assam | News18-Assam
Updated:April 30, 2021, 3:31 PM IST
এক বটল হুইস্কীৰ মূল্যত আপুনি ক্ৰয় কৰিব পাৰিব এটা ফ্লেট! শীঘ্ৰেই নিলাম কৰা হ'ব পৃথিৱীৰ আটাইতকৈ পুৰণি সুৰাৰ বটল!
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেচাচুচেটছ প্ৰান্তৰ বষ্টনত পৃথিৱীৰ আটাইতকৈ পুৰণি হুইস্কীৰ বটলটো নিলাম কৰা হ'ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেচাচুচেটছ প্ৰান্তৰ বষ্টনত পৃথিৱীৰ আটাইতকৈ পুৰণি হুইস্কীৰ বটলটো নিলাম কৰা হ'ব।

  • Share this:
এক বটল হুইস্কীৰ মূল্যত আপুনি ক্ৰয় কৰিব পাৰিব এটা ফ্লেট। শুনিবলৈ আচহুৱা যেন লাগিলেও এয়াই কিন্তু সঁচা। কোৱা হয় যে সুৰা যিমানেই পুৰণি হয়, সিমানেই ই ভাল হয় আৰু ইয়াৰ মূল্যও যথেষ্ট বৃদ্ধি হয়।

তেনেক্ষেত্ৰত যদি আপুনি পৃথিৱীৰ আটাইতকৈ পুৰণি হুইস্কী (World’s Oldest Whisky on Sale) বটলটো ক্ৰয় কৰিব বিচাৰে,তেন্তে আপুনি জানি লওক যে শীঘ্ৰেই ইয়াক নিলাম কৰা হ'ব। ইয়াৰ বাবে আপুনি এক বৃহৎ মূল্য পৰিশোধ কৰিব লাগিব। গতিকে ইয়াৰ মূল্যৰ পৰা নিলামলৈকে জানি লওক সকলো।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেচাচুচেটছ প্ৰান্তৰ বষ্টনত পৃথিৱীৰ আটাইতকৈ পুৰণি হুইস্কীৰ বটলটো নিলাম কৰা হ'ব। এই পুৰণি সুৰাৰ অনলাইন নিলাম ২২ৰ পৰা ৩০ জুনৰ ভিতৰত অনুষ্ঠিত হ'ব। প্ৰতিবেদন অনুসৰি, ইয়াৰ নিলামী মূল্য ৪০,০০০ডলাৰ লৈকে উঠিব পাৰে।

২২০ৰ পৰা ২৫০ বছৰ পুৰণি এই সুৰাৰ বটল -
এই হুইস্কীটো ১৭৬২ৰ পৰা ১৮০২ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়াৰ লাগ্ৰেঞ্জ চহৰত উৎপাদন কৰা হৈছিল। জৰ্জিয়া বিশ্ববিদ্যালয়ৰ মতে, এই সুৰা অতি কমেও ২০০ৰ পৰা ২৫০ বছৰ পুৰণি।

এই হুইস্কীটো উপহাৰত লাভ কৰা গৈছিল -
নিলাম সংস্থা স্কিনাৰে কয় যে ই এক ঐতিহাসিক বৰবান হুইস্কী। এইটো একমাত্ৰ বটল বাকী আছিল আৰু জে পি মৰ্গানে ১৯৪০ৰ দশকত ৱাশ্বিংটনৰ এগৰাকী শক্তিশালী ব্যক্তিক এই বটলটো উপহাৰস্বৰূপে দিছিল।

গ্লাছগো বিশ্ববিদ্যালয়ৰ এক প্ৰতিবেদন অনুসৰি, ইয়াক ১৭৬৩ আৰু ১৮০৩ চনৰ ভিতৰত প্ৰস্তুত কৰা হৈছিল। সেই অনুসৰি, এই সুৰাৰ বটলটো ১৭৭০দশকৰ ঐতিহাসিক বিপ্লৱী যুদ্ধ আৰু ১৭৯০ চনৰ আশে পাশে আৰম্ভ হোৱা হুইস্কী বিদ্ৰোহৰ অংশ।

কোটি টকাত বিক্ৰী হৈছিল এই হুইস্কী -
কিছু সময় পূৰ্বে স্কটলেণ্ডত তৈয়াৰ কৰা হুইস্কীৰ এটা বিশেষ বটল ১০ কোটি ২৬ লাখ টকাত বিক্ৰী কৰা হৈছিল। ইমান দামী হোৱা সত্ত্বেও কিন্তু ই পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল হুইস্কী নাছিল।

পৃথিৱীৰ আটাইতকৈ দামী হুইস্কি হৈছে -
পৃথিৱীৰ আটাইতকৈ দামী হুইস্কীৰ মূল্যৰ কথা ক'লে, ইয়াৰ মূল্য ১৫ কোটি ৩৯ লাখ টকা, যাক ২০১৯ চনত লণ্ডনত এটা বিক্ৰীত নিলাম কৰা হৈছিল। এই বটলটোও কাস্ক নম্বৰ ২৬৩ৰ পৰাই পেক কৰা হৈছিল।
Published by: Sanjay Kumar Das
First published: April 30, 2021, 3:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি