• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Health Insurance: বিপদৰ সাৰথি হ’বলৈ আপোনাৰ লগতে পৰিয়ালৰ আছেনে স্বাস্থ্য বীমা? জানি লওক স্বাস্থ্য বীমাৰ এই কেইটা দিশ

Health Insurance: বিপদৰ সাৰথি হ’বলৈ আপোনাৰ লগতে পৰিয়ালৰ আছেনে স্বাস্থ্য বীমা? জানি লওক স্বাস্থ্য বীমাৰ এই কেইটা দিশ

যদিও সামগ্ৰিকভাৱে এটা স্বাস্থ্য বীমা থকাটো এটা আপোনাৰ লগতে পৰিয়ালৰ বাবে অতিকে ভাল। কিন্তু সম্প্ৰতি মহামাৰীৰ এই সময়ত আপুনি এক উন্নত আঁচনি গ্ৰহণ কৰিব পাৰে।

যদিও সামগ্ৰিকভাৱে এটা স্বাস্থ্য বীমা থকাটো এটা আপোনাৰ লগতে পৰিয়ালৰ বাবে অতিকে ভাল। কিন্তু সম্প্ৰতি মহামাৰীৰ এই সময়ত আপুনি এক উন্নত আঁচনি গ্ৰহণ কৰিব পাৰে।

যদিও সামগ্ৰিকভাৱে এটা স্বাস্থ্য বীমা থকাটো এটা আপোনাৰ লগতে পৰিয়ালৰ বাবে অতিকে ভাল। কিন্তু সম্প্ৰতি মহামাৰীৰ এই সময়ত আপুনি এক উন্নত আঁচনি গ্ৰহণ কৰিব পাৰে।

  • Share this:
দেশত চলি থকা কোৰোণাৰ সংহাৰৰ পৰিপ্ৰেক্ষিততে স্বাস্থ্য বীমা কভাৰেজ ক্ৰয় কৰা, বৰ্তমানে থকা আঁচনিৰ নৱীকৰণ আৰু সমীক্ষা কৰা, টপ-আপ কভাৰেজ লোৱাৰ লগতে ইয়াৰ আনুসংগিক দিশসমূহক অগ্ৰাধিকাৰ দিয়াটো অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। কোৰোণা কৱচ আৰু কোৰোণা ৰক্ষকৰ দৰে হ্ৰস্বম্যাদী কোভিড বিশেষ আঁচনিৰ লগতে স্বাস্থ্য বীমা আঁচনিয়ে কেৱল কোভিডৰ চিকিৎসাজনিত জৰুৰী অৱস্থাৰ ক্ষেত্ৰত বিত্তীয় সুৰক্ষা নিশ্চিত কৰাই নহয়, পলিচীধাৰক আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল লোকক মানসিক শান্তিও প্ৰদান কৰে।

স্বাস্থ্য আঁচনি ভিন্ন বিকল্প -

যদিও সামগ্ৰিকভাৱে এটা স্বাস্থ্য বীমা থকাটো এটা আপোনাৰ লগতে পৰিয়ালৰ বাবে অতিকে ভাল। কিন্তু সম্প্ৰতি মহামাৰীৰ এই সময়ত আপুনি এক উন্নত মানৰ স্বাস্থ্য বীমা আঁচনি বা এক হ্ৰস্বম্যাদী কোভিড বিশেষ আঁচনি বাছনি কৰিব পাৰে।

- সকলো সাধাৰণ আৰু স্বতন্ত্ৰ স্বাস্থ্য বীমা কোম্পানীৰ দ্বাৰা আগবঢ়োৱা তেনে এক ভাল স্বাস্থ্য বীমা আঁচনি হৈছে "আৰোগ্য সঞ্জীৱনী"। এই বীমা আঁচনি ক্ৰয়ৰ বাবে ন্যূনতম বয়স ১৮ বছৰ আৰু সৰ্বাধিক বয়স হৈছে ৬৫ বছৰ আৰু এই আঁচনিখন জীৱনৰ বাবে নৱীকৰণ কৰিব পাৰি। এই আঁচনিত সৰ্বাধিক কভাৰেজ হৈছে ৫ লাখ টকা। কোভিড চিকিৎসাৰ বাবে এই আঁচনিৰ অধীনত চিকিৎসালয়ত ভৰ্তি হোৱাৰ ব্যয়ো সামৰি লোৱা হৈছে।

- একেদৰে কোৰোণা কৱচ আঁচনি হৈছে এক ক্ষতিপূৰণ-আধাৰিত আঁচনি। যিয়ে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বৰ আৰু পাছৰ খৰচ, ঘৰুৱা যত্ন-চিকিৎসাৰ ব্যয় আৰু কোভিড ৰোগীসকলৰ বাবে আয়ুষ চিকিৎসা সামৰি লয়। চিকিৎসালয়ত ভৰ্তি হোৱাৰ সকলো ব্যয় যেনে ব্যক্তিগত সুৰক্ষা সঁজুলি পিপিই কিট, অক্সিজেন, ভেণ্টিলেটৰ আৰু পৰামৰ্শৰ মাচুলো এই আঁচনিয়ে সামৰি লয়। এই আঁচনি ৩.৫ মাহ, ৬.৫ মাহ বা ৯.৫ মাহৰ বাবে ক্ৰয় কৰিব পাৰে আৰু ইয়াক নৱীকৰণ কৰিব পাৰি। বীমা ৰাশি হৈছে ৫০ হাজাৰৰ পৰা ৫ লাখ টকা। আঁচনিখনৰ গৰাকীয়ে নেটৱৰ্ক চিকিৎসালয়ত নগদবিহীন দাবী বাছনি কৰিব পাৰে।

- কোৰোণা ৰক্ষক স্বাস্থ্য বীমা আঁচনি হৈছে লাভলাভ আধাৰিত এক বিশেষ আঁচনি। যদি কোভিডৰ বাবে আপুনি চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হয় তেন্তে ইয়ে এক মুঠ ধনৰ পৰিশোধ প্ৰদান কৰে। চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ এই মুঠ ধন পৰিশোধ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বীমা ৰাশি হৈছে ৫০ হাজাৰৰ পৰা ২.৫ লাখ টকা আৰু এই স্বাস্থ্য আঁচনিৰ ম্যাদ হৈছে ৩.৫ মাহ, ৬.৬মাহ আৰু ৯.৫ মাহ।

অপেক্ষাৰ সময় আৰু দাবীৰ প্ৰত্যাখ্যান -

সাধাৰণতে নিয়মীয়া স্বাস্থ্য বীমা আঁচনিত, প্ৰাৰম্ভিক অপেক্ষাৰ ম্যাদৰ ৩০ দিনৰ পিছতহে চিকিৎসালয়ত ভৰ্তি হোৱা দিশটো সামৰি লোৱা হয়। আনফালে হ্ৰস্বম্যাদী কোভিড নিৰ্দিষ্ট আঁছনিত অপেক্ষাৰ ম্যাদ হৈছে ১৫ দিন।

যদিও কোভিড ডে কেয়াৰ চিকিৎসাৰ অধীনত সামৰা নহয়, কিন্তু চিকিৎসালয়ত ভৰ্তি হ'লে আপুনি ধনৰ দাবী অৰ্থাৎ ক্লেইম কৰিব পাৰে। আনকি ঘৰত কোৱাৰেণ্টাইন হ'লে আৰু চিকিৎসা কৰিলেও আপুনি দাবীৰ বাবে যাব পাৰে, যদিহে ই আঁচনিৰ চৰ্তাৱলী আৰু নিয়মাৱলীৰ অধীনত পৰিশোধৰ যোগ্য হয়। যিহেতু মৃদু কোভিড লক্ষণৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন নাই, তেনেস্থলত বীমাকৰ্তাসকলে আইচিএমআৰ/এইমছৰ নিদানিক নিয়ম অনুসৰি চিকিৎসালয়ত ভৰ্তি নহ'লে এই দাবী অগ্ৰাহ্য কৰিব পাৰে।

ইপিনে বীমাকৰ্তাসকলে অন্যান্য বিৱৰণৰ সৈতে চিকিৎসালয়ৰ পৰা অনুমোদনৰ অনুৰোধ লাভ কৰাৰ ৬০ মিনিটৰ ভিতৰত নগদবিহীন অনুমোদন প্ৰদান কৰিব লাগিব। পৰিশোধ দাবীৰ বাবে দাবী প্ৰ-পত্ৰত দ্ৰুত পৰিশোধৰ বাবে ডিচাৰ্জ সাৰাংশ, পৰীক্ষাৰ প্ৰতিবেদন, বিল, প্ৰেছক্ৰিপচন অন্তৰ্ভুক্ত থকাটো নিশ্চিত কৰিব লাগিব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি