মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Anger Management: সৰু সৰু কথাতে আপোনাৰ প্ৰচণ্ড খং উঠে নেকি? জানি লওক কেনেকৈ দূৰ কৰিব এই সমস্যা ?

Anger Management: সৰু সৰু কথাতে আপোনাৰ প্ৰচণ্ড খং উঠে নেকি? জানি লওক কেনেকৈ দূৰ কৰিব এই সমস্যা ?

News18 Assam | News18-Assam
Updated:March 19, 2021, 5:37 PM IST
Anger Management: সৰু সৰু কথাতে আপোনাৰ প্ৰচণ্ড খং উঠে নেকি? জানি লওক কেনেকৈ দূৰ কৰিব এই সমস্যা ?
সৰু সৰু কথাতে খং উঠে নেকি? এই স্বভাৱ আপোনাৰ স্বাস্থ্যৰ বাবেও ভাল নহয় । এই খং কমাবলৈ আপুনি এনেদৰে আগবাঢ়ক।

সৰু সৰু কথাতে খং উঠে নেকি? এই স্বভাৱ আপোনাৰ স্বাস্থ্যৰ বাবেও ভাল নহয় । এই খং কমাবলৈ আপুনি এনেদৰে আগবাঢ়ক।

  • Share this:
কেতিয়াবা বিশেষ কাৰণত সকলোৰে খং উঠে। এয়া হৈছে স্বাভাৱিক আৱেগিক প্ৰতিক্ৰিয়া। কিন্তু কিছুলোকৰ সৰু সৰু কথাতে খং উঠা দেখা যায় (Short Tempered)। এনে পৰিস্থিতিত আনকি নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ লগতে সমুখত থকা ব্যক্তিজনক এনে কিছুমান কথা কৈ দিয়ে, যাৰ ফলত বাৰে বাৰে অনুশোচনা কৰিবলগীয়া হয়।

যদিহে আপোনাৰো কোনো কথাত অতি সোনকালে  খং উঠে তেতিয়া আপুনি ইয়াক নিয়ন্ত্ৰণ কৰিব লাগিব (Anger Management)। ই আপোনাৰ স্বাস্থ্যৰ বাবেও হানি কাৰক।

এনেদৰে নিয়ন্ত্ৰণ কৰক আপোনাৰ খংঃ

দীঘলকৈ উশাহ লওক -

যদি কোনো কথাত আপোনাৰ প্ৰচণ্ড খং উঠে বা এনে পৰিস্থিতিত দীঘলকৈ উশাহ ল'বলৈ চেষ্টা কৰক। এই উপায়ে  আপোনাৰ মনলৈ শান্তি আনিব।

ওলোটাকৈ গণনা কৰক -

খং উঠাৰ সময়ত যিকোনো কথা কোৱাৰ পূৰ্বে ওলোটাকৈ গণনা কৰা আৰম্ভ কৰক। ই আপোনাৰ খঙৰ তীব্ৰতা হ্ৰাস কৰিব। লগতে আপুনি খঙতে ক'ব বিচৰা ভুল শব্দবোৰ ক'বলৈ নিজকে নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।

ঠাণ্ডা পানী খাব -

নিজকে শান্ত কৰিবলৈ এগিলাচ ঠাণ্ডা পানী খাব পাৰে । ইয়াৰ দ্বাৰা খঙৰ তীব্ৰতা হ্ৰাস পাব।

মিউজিক শুনক -

কোনো কথা ভাবি যদি আপোনাৰ খং উঠিছে, তেন্তে আপুনি মিউজিক থেৰাপিৰ আশ্ৰয় লোৱা উচিত। খঙ উঠাৰ সময়ত আপুনি এটা গান শুনিবলৈ চেষ্টা কৰক,যিয়ে আপোনাক প্ৰশান্তি দিব ।

ধ্যান কৰক -

যিসকলৰ প্ৰায়ে সাধাৰণ কথাতে সোনকালে খং উঠে, তেওঁলোকে প্ৰতিদিনে কিছু ধ্যান কৰিব লাগে। ধ্যানক দৈনিক কাৰ্যত অন্তৰ্ভূক্ত কৰিলে ব্যক্তিজনে খং নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব ৷

ভাল আৰু গভীৰ টোপনিৰ সহায় লওক -

বহুসময়ত দেখা যায় যে, ভালকৈ টোপনি নোযোৱা আৰু ভাগৰ অনুভৱৰ বাবেও মানুহ বিৰক্ত হৈ পৰে আৰু সোনকালে খং উঠে। যদি আপোনাৰ সৰু কথাতে প্ৰায়ে খং কৰে, তেন্তে আপোনাক ভাল আৰু গভীৰ টোপনিৰ প্ৰয়োজন।
Published by: Himangshu Bhuyan
First published: March 19, 2021, 4:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি