ভাল আৰু বেয়া ছোৱালীঃভাৰতীয় সমাজ আৰু নাৰীৰ যৌনতা

News18 Assam | News18-Assam
Updated:February 10, 2020, 9:07 AM IST
ভাল আৰু বেয়া ছোৱালীঃভাৰতীয় সমাজ আৰু নাৰীৰ যৌনতা
মহিলাৰ যৌনতাক লৈ থকা বিভ্ৰান্তিসমূহ।

মহিলাৰ যৌনতাক লৈ থকা বিভ্ৰান্তিসমূহ।

  • Share this:
ভাৰতত সাধাৰণতে ‘ভাল ভাৰতীয় নাৰীয়ে’ যৌন সম্পৰ্ক, যৌনতা, কামনা–বাসনা আদি শব্দ মুখলৈ নানে। যৌন কামনা বিশেষকৈ মহিলা আৰু ছোৱালীৰ ক্ষেত্ৰত আমাৰ সমাজত এক নিষিদ্ধ বিষয় হৈয়ে আছে। নতুন তথ্য মতে মহিলাসকলৰ ৫০শতাংশৰ মাজত যৌন কামনা সৰ্বাধিক ১৮ৰ পৰা ২৪বছৰ বয়সতে হয়। প্ৰতি চাৰিগৰাকী মহিলাৰ ১গৰাকীয়ে স্বীকাৰ কৰিছে যে ১৮ৰ পৰা ২০বছৰ বয়সেই যৌনতাৰ কাৰণে সৰ্বশ্ৰেষ্ঠ সময়!

বেছিভাগ ছোৱালীয়ে এইবোৰ কথা বান্ধৱীৰ সৈতে মনে মনে বা অনলাইনত অনুসন্ধান কৰি জানিবলৈ চেষ্টা কৰে। মহিলাৰ যৌনতাক ভাৰতীয় সমাজে স্বঘোষিত কৰ্তৃপক্ষৰ দৰে নিয়ন্ত্ৰণ কৰে। বিয়াত বহালৈকে মুখত ‘যৌন সম্পৰ্ক’ৰ কথা ননাকৈয়ে বেছিভাগ মহিলাই জীৱন সংগীৰ সৈতে জীৱন আৰম্ভ কৰে। বন্ধ কোঠাৰ ভিতৰতে ৰৈ যায় ভাৰতীয় মহিলাৰ কামনা–বাসনাৰ অকথিত অধ্যায়।

মহিলা বনাম পুৰুষ

বিজ্ঞানসন্মতভাৱে ঋতুচক্ৰ অনুসৰি মাহটোত মহিলাৰ যৌন কামনা–বাসনাৰ সলনি হৈ থাকে। যদিওবা দম্পত্তিয়ে মাহটোৰ সময় আদি নোচোৱাকৈ নিয়মীয়াকৈ একেধৰণে যৌন সম্পৰ্কত মিলিত হয় বেছিভাগ আধুনিক দম্পত্তিয়ে ব্যক্তিগত কাৰণ বা কামৰ ব্যস্ততাৰ কাৰণে যেতিয়াই সময় পায় তেতিয়াই সপ্তাহত বা দৈনিক যৌন সম্পৰ্কত মিলিত হয়। মহিলাৰ কামনা বাসনা পুৰুষতকৈ কম নহয় কেৱল মহিলাৰ ক্ষেত্ৰত সময়ে এক বিশেষ ভূমিকা লয়। উত্তেজিত হোৱা বা যৌন সুখ পোৱাৰ ক্ষেত্ৰত তেওঁলোক পুৰুষতকৈ পৃথক। পুৰুষৰ দৰে মহিলাইও কেতবোৰ শাৰীৰিক আৰু মানসিক কাৰণত যৌন সম্পৰ্কত লিপ্ত হ’বলৈ অনিচ্ছুক হ’ব পাৰে।

কামনা–বাসনাবোৰ কেৱল যৌন সম্পৰ্কত লিপ্ত হোৱাৰ কাৰণেই নহয় এইবোৰ ব্যক্তিত্ব, বয়স, পৰিস্থিতি আৰু বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰশীল। বিয়াৰ পূৰ্বে যৌন সম্পৰ্কত অনভিজ্ঞ মহিলাসকলে ৰোমান্স আৰু যৌন কামনাৰ ক্ষেত্ৰত বহু প্ৰত্যাশা ৰখা দেখা যায়।

“ মই নতুনকৈ বিয়াত বহিছো। মোৰ স্বামীয়ে মোক সম্পূৰ্ণ যৌন সুখ দিব নোৱাৰে। মই চিনেমাৰ দৰে এজন প্ৰেমিক বিচাৰিছিলো যিয়ে দীঘলীয়া সময় মৰম কৰি, কথা পাতি আৰু ৰোমান্স কৰাৰ পিছতহে আচল যৌন সম্পৰ্কত লিপ্ত হয়। কিন্তু মোৰ স্বামী কেৱল যৌন সম্পৰ্কক লৈহে আগ্ৰহী আৰু তাকো কেইমিনিটমানৰ ভিতৰত তেওঁৰ কাম শেষ হোৱাৰ পিছত মই তীব্ৰ হতাশাত ভুগো। তেওঁ এনেই ভাল মানুহ কিন্তু মই কিবা আৱদ্ধ যেন অনুভৱ কৰিছো।” গংগা, (নাম সলনি কৰা হৈছে) ২৪, দন্ত চিকিৎসক, জবলপুৰ

বিয়ালৈকে ভাৰতীয় প্ৰেম প্লেট’নিক নে কি?

সাধাৰণ বিশ্বাসত মহিলাসকল আৱেগিক আৰু আৱেগিক সংযোগৰ ক্ষেত্ৰত মহিলাসকলে অধিক গুৰুত্ব দিয়ে, এই আৱেগৰ পৰাই যৌন বাসনা জাগ্ৰত হয় আৰু এইক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক কাৰকবোৰে যথেষ্ট প্ৰভাৱ পেলায়। এগৰাকী ‘আদৰ্শ’ মহিলাই কেতিয়াও এনেই মনৰ বান্ধোন নথকাকৈ চালুকীয়া যৌন সম্পৰ্ক নকৰে। আদৰ্শগত ভাৱে কোনোধৰণৰ বিবাহ পূৰ্বৰ যৌন সম্পৰ্কক মান্যতা দিয়া নহয় আৰু মহিলাৰ ‘কুমাৰীত্ব’ বিয়ালৈকে অটুট থকাৰ প্ৰত্যাশা কৰা হয়।

এই‍বোৰ সমাজ সৃষ্ট কাৰণ আৰু চিন্তা ধাৰাই পুৰুষৰ তুলনাত মহিলা আৰু যুৱতীসকলৰ কাৰণে অধিক যৌন প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। আমাৰ সমাজৰ অৱদমন মহিলাৰ যৌনতাৰ ক্ষেত্ৰত অধিক কঠোৰ আৰু যুৱকসকলে যিদৰে যৌনতাৰ বিভিন্ন দিশ যেনে হস্তমৈথুন, পৰ্ণ চাইট আদি চোৱাৰ কাৰণে ‘অনুমতি’ পায় মহিলাৰ ক্ষেত্ৰত সেয়া নেচেল। মহিলাসকলে একমাত্ৰ স্বামীৰ কাৰণেই নিজৰ যৌন কামনা–বাসনা সংৰক্ষিত কৰি ৰখাৰ প্ৰত্যাশা কৰা হয়।

“কলেজত মোৰ এজন প্ৰেমিক আছিল। আমি চুম্বন আদি কৰিছিলো আৰু স্পৰ্শ আদিও কৰিছিলো। কেতিয়াবা কেতিয়াবা মুখেৰে কৰা যৌন সম্পৰ্কতো লিপ্ত হৈছিলো কিন্তু মই তেওঁৰ সৈতে যৌন সম্পৰ্কত লিপ্ত হোৱা নাছিলো কাৰণ মই বিয়ালৈকে কুমাৰী হৈ থাকিব বিচাৰিছিলো। মই নিশ্চিত নাছিলো যে মই বিয়া তেওঁৰ লগতে হম নে বেলেগৰ লগত। যেতিয়া আমাৰ বাগদান হ’ল আৰু পৰিয়ালেও সম্পৰ্কৰ স্বীকৃতি দিলে তেতিয়াহে আমি প্ৰকৃত যৌন সম্পৰ্কত লিপ্ত হৈছিলো।”
ৰজনী, ২৭, গৃহিণী, কাৰণাল

যৌন সংগী বিচৰাৰ ক্ষেত্ৰত মহিলাসকল সাধাৰণতে সামাজিকভাৱে তীক্ষ্ন নজৰত থাকে কাৰণ মহিলাৰ ক্ষেত্ৰত গৰ্ভৱতী হোৱাৰ আশংকা থাকে আৰু সন্তানৰ পিতৃত্ব কাৰ হ’ব তাক লৈ চিন্তা–ভাৱনা কৰা হয়। মহিলাসকলে সেয়ে এক চিৰিয়াছ আৰু প্ৰতিৱদ্ধতা থকা সম্পৰ্ক বিচাৰে যাতে ভৱিষ্যতৰ সন্তানৰ কাৰণে এজন ভাল অভিভাৱক পাব পৰা যায়। সেইকাৰণে বেছিভাগ অবিবাহিতা যুৱতীয়ে নিজৰ আহিবলগীয়া সন্তানৰ কাৰণে এজন সামাজিক আৰু আৰ্থিকভাৱে সক্ষম পিতৃ বিচাৰে। গৰ্ভ নিৰোধক অহাৰ পূৰ্বে এই চিন্তা বেছি প্ৰসাৰী আছিল।

একাংশ মহিলাই সম্পৰ্কৰ খাতিৰত যৌন সম্পৰ্কত লিপ্ত হয়। সেইকাৰণে এয়া এক নিত্য নৈমিত্তিক কামৰ দৰে হৈ পৰে। গৰ্ভ নিৰোধক টেবলেট বিশেষকৈ জৰুৰীকালীন টেবলেটবোৰ অহাৰ পিছত মহিলাই অধিক মুক্তমনে যৌন সম্পৰ্কত লিপ্ত হ’বলৈ লৈছে। নতুন প্ৰজন্মৰ যুৱতীসকলৰ মাজত এইবোৰ যথেষ্ট জনপ্ৰিয়। ভাৰত হৈছে বিশ্বৰ ভিতৰতে তৃতীয় সৰ্ববৃহৎ জৰুৰীকালীন কণট্ৰাচেপটিভ টেবলেটৰ বজাৰ।

সংৰক্ষণশীল ভাৰতত সমাজ আৰু বহু স্ত্ৰী–ৰোগ বিশেষজ্ঞই যৌন সম্পৰ্কক লৈ সক্ৰিয় মহিলাক লজ্জাবোধ কৰোৱাবলৈ চেষ্টা কৰে। সেইকাৰণে স্বাস্থ্যৰ প্ৰতি বিপজ্জনক হ’লেও বেছিভাগ মহিলাই জৰুৰীকালীন টেবলেট আদি লৈ নিৰাপদ হৈ থাকিবলৈ চেষ্টা কৰে। “যৌনতা এক আৱিষ্কাৰ। আইন মহাবিদ্যালয়ৰ ছাত্ৰীৱাসত মই উপলব্ধি কৰিলো যে, কেৱল মইয়ে পৰ্ণ আদি চাই বা যৌন উত্তেজক লিখনী আদি পঢ়ি হস্তমৈথুন কৰো। আমি ‘লিপষ্টিত আণ্ডাৰ মাই বুৰ্খা’ আৰু ‘বীৰে দি ৱেডিং’ৰ হস্তমৈথুনৰ দৃশ্য কোনো লজ্জাবোধ নকৰাকৈ চাইছো। মোৰ প্ৰেমিকৰ সৈতে মই ‘নিৰাপদ যৌন সম্পৰ্ক’ত আছো ১৭বছৰ বয়সৰ পৰাই।” কাব্যা (নাম সলনি কৰা হৈছে), ১৯বছৰ, আইনৰ ছাত্ৰী, ডেহৰাডুন।

সকলোতকৈ হাস্যকৰ হৈছে বহু ভাৰতীয় পুৰুষে এতিয়াও বুৰ্বকৰ দৰে প্ৰশ্ন কৰে যে, মহিলাৰ যৌনতা আছেনে? মহিলাইও যৌন সুখ লাভ কৰিব পাৰে নে? এইবোৰ প্ৰশ্ন গুগল আৰু কুঅ’ৰাত সোধা মানুহৰ সংখ্যা কম নহয়। মহিলাৰ যৌনতাৰ বিষয়ে সকলোকে জ্ঞাত কৰিবলৈ হ’লে এটাই উপায় আছে সেয়া হৈছে প্ৰকৃত যৌন শিক্ষা।

(লেখিকা পূজা প্ৰিয়ম্বদা হৈছে Redwomb নামৰ অনলাইন লজ্জাদূৰ কৰাৰ সহায়ক প্লেটফৰ্মৰ যৌন কল্যানৰ কাৰণে লেখা–মেলা কৰা লেখিকা।)
আৰু চাওক
পৰৱৰ্তী বাতৰি